আজিজ আলী
নলবাৰী : জয়সাগৰ, লাউঠাৰি আৰু চাউলখোৱাত বানৰ তাণ্ডৱ।জয়সাগৰত নিশা দুটাকৈ বান শিবিৰ পৰিদৰ্শন কৰিলে জি এম ডি এৰ অধ্যক্ষ নাৰায়ণ ডেকাই। বানাক্ৰান্ত ৰাইজৰ অৱস্থাৰ বুজ লয় বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক গৰাকীয়ে।

নলবাৰী জিলাত বান পৰিস্থিতি ভয়াবহ হৈ পৰিছে। ব্যতিক্ৰম নহয় বৰক্ষেত্ৰী সমষ্টিৰ ১ নং আৰু ২ নং জয়সাগৰ, লাউঠাৰি চাউলখোৱা, ভৈৰাঘোল, কূটনিকুচি আদি গাঁও। উল্লেখ্য যে এই গাঁও সমূহত কিছু-কিছু অঞ্চলভেদে বান পৰিস্থিতি অধিক জটিল হৈ পৰিছে।

অৱশ্যে যোৱা দুদিনৰ অনুকূল বতৰে বান পৰিস্থিতিৰ কিছু শাম কাটিছে যদিও এতিয়াও জয়সাগৰ গাঁৱতে দুটাকৈ অস্থায়ী শিবিৰত বাস কৰি আছে গাঁৱখনৰ বহু বানাক্ৰান্ত লোক। জয়সাগৰৰ শংকৰ মাধৱ হাইস্কুল আৰু জয়সাগৰ চৰকাৰী উচ্চ বুনিয়াদী বিদ্যালয়ৰ দুটাকৈ অস্থায়ী শিবিৰত বাস কৰি আছে বহু বানাক্ৰান্তই।

মঙলবাৰে নিশা শিবিৰ দুটাত থকা বানপীড়িত লোক সকলৰ খবৰ ল’বলৈ আহে বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা জি এম ডি এৰ অধ্যক্ষ নাৰায়ণ ডেকাই। সমষ্টিৰটোৰ প্ৰাক্তন বিধায়ক গৰাকীয়ে বানাক্ৰান্ত ৰাইজৰ অৱস্থাৰ বুজ লৈ সকলো সহায়-সহযোগিতাৰ আশ্বাস প্রদান কৰে।