জোনমণি বেগম
বিশ্বনাথ : বিশ্বনাথৰ উচ্ছেদিত ২৫ টাকৈ পৰিয়ালৰ শিশু মহিলাই পাৰ কৰিব লগীয়া হৈছে এক দুৰ্বিষহ জীৱন। ৰাজ্যৰ বিভিন্ন স্থানত বানপানীয়ে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। এটোপাল খোৱা পানীৰ বাবেও হাহাকাৰ কৰিব লগীয়া পৰিৱেশ।বানৰ কবলত পৰা উচ্ছেদিত পৰিয়াল কেইটাৰ অৱস্থাত অধিক জটিল হৈ পৰিছে।

নেৰা নেপেৰা বৰষুণে বিশ্বনাথৰ পেটুলিবাৰী অঞ্চলৰ উচ্ছেদিত প্ৰায় ২৫ টা পৰিয়াললৈ ভয়াবহ দুৰ্যোগ নমাই আহিছে। পৰিয়াল কেইটাৰ কণ কণ শিশু তথা মহিলা সকলো এমুঠি অন্নৰ বাবে হাহাকাৰ কৰাৰ লগতে বিভিন্ন চৰ্ম ৰোগত আক্ৰান্ত হৈছে। বিনিদ্ৰ নিশা যাপনৰ বিপৰীতে এই পৰিয়াল কেইটাৰ এতিয়া গত্যন্তৰ নাই। যোৱা পহিলা এপ্ৰিলত চৰকাৰী ভূমি বেদখল কৰা ২৫ টাকৈ পৰিয়ালৰ বিৰুদ্ধে বিশ্বনাথ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে চলাইছিল উচ্চেদ অভিযান।

উচ্ছেদিত এই ২৫ টা পৰিয়ালে প্ৰায় তিনিমাহ ধৰি বসবাস কৰি আছে বিশ্বনাথৰ পেটুলিবাৰীৰ এজন লোকৰ পথাৰত। অস্থায়ী শিবিৰ নিৰ্মাণ কৰি পৰিয়াল কেইটা পথাৰত বসবাস কৰি আছে। এই লোক সকলক পুনৰ সংস্থাপন প্ৰদান কৰিবলৈ ইতিমধ্যে বিভিন্ন সংখ্যালঘু সংগঠন আৰু নেমছুয়ে দাবী জনাই আহিছে বিশ্বনাথ জিলা প্ৰশাসনক। কিন্তু আজি পৰ্যন্ত জিলা প্ৰশাসনে এই পৰিয়াল কেইটাক পুনৰ সংস্থাপন নকৰিলে।

নেৰা নেপেৰা বৰষুণৰ ফলত অস্থায়ী শিবিৰ সমূহত পানী সোমাই মহিলা, শিশু সকলক বাৰুকৈকে শাৰীৰিকভাৱে ক্ষতিগ্ৰস্ত হৈছে। গৰু গোহালি সদৃশ পৰিৱেশত বসবাস কৰি থকা এই পৰিয়াল কেইটাৰ জিলা প্ৰশাসনে খবৰ নকৰা বুলি নেমছুৰ নেতাই অভিযোগ উত্থাপন কৰিছে। নেমছুৰ অভিযোগ যে, এই সকল লোক ভাৰতীয় লোক হৈয়ো এক দুৰ্বিষহ জীৱন কটাবলৈ বাধ্য কৰোৱা হৈছে।

এটোপাল বিশুদ্ধ খোৱা পানী তথা এমুঠি অন্নৰ বাবে হাহাকাৰ কৰা এই ২৫ টাকৈ পৰিয়ালক নেমছুৰ এটা সজাতি দলে কিছু অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে খাদ্য সামগ্ৰী প্ৰদান কৰে। অতি শীঘ্ৰে বিশ্বনাথ জিলা প্ৰশাসনক উচ্ছেদিত এই ২৫ টাকৈ পৰিয়ালক মানবীয়তাৰ দৃষ্টিভংগীৰে পুনৰ সংস্থাপন কৰি দিয়াৰ দাবী জনাইছে নেমছুৱে।