নাজিৰা, ৯ জুলাইঃ নাজিৰাৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান বহ্ণিমান আৰু দাপোণৰ যৌথ সহযোগত নাজিৰা নাট্যমন্দিৰ প্ৰাঙ্গনত গ্ৰীষ্ম কালীন নাট কৰ্মশালাৰ আয়োজন কৰা হৈছে। বিশিষ্ট নাট পৰিচালক তথা অভিনেতা মুকুল মিশ্ৰই কৰ্মশালাত সমল ব্যক্তি হিচাবে উপস্থিত থাকি নাট অভিনয়ৰ বিভিন্ন ধাৰণা, সংলাপ প্ৰক্ষেপণ আৰু অংগ সঞ্চালনাৰ লগতে বিভিন্ন দিশৰ সম্পৰ্কে সাম্যক জ্ঞান দিয়ে। কৰ্মশালাৰ লগত সংগতি ৰাখি উদ্যোক্তাসকলে কৰ্মশালাত অংশ গ্ৰহণকাৰী সকলৰ দ্বাৰা নিৰ্দিষ্ট চাৰি স্থানত চাৰিখন বাটৰ নাট মঞ্চস্থ কৰিছে। নাজিৰাৰ ১৩ বছৰ বয়সৰ পৰা মহাবিদ্যালয় পৰ্যায়ৰ বহু ছাত্ৰ ছাত্ৰীয়ে কৰ্মশালাত অংশ গ্ৰহণ কৰিছে। কৰ্মশালাৰ সামৰণি অনুষ্ঠানত বিশিষ্ট অভিনেতা বিষ্ণু খাৰঘৰীয়া, চেতনা দাস,  শিমাংশু শেখৰ দাসৰ লগতে কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকিব বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে।