মাণিকপুৰ, ৯ জুলাইঃ  আগ্ৰাৰ সুদৰ্শন প্ৰেক্ষাগৃহত নটৰানঞ্জলি থিয়েটাৰৰ উদ্যোগত অলকা সিঙৰ নেতৃত্বত অনুষ্ঠিত হোৱা তাজ ৰংগ মহোৎসৱত বঙাইগাঁৱৰ মাণিকপুৰৰ আকাশ গোষ্ঠীয়ে বিশেষ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে। নিন্টু ৰায়ৰ নেতৃত্বত আগ্ৰাত অংশ গ্ৰহণ কৰা মাণিকপুৰৰ আকাশ গোষ্ঠীয়ে মহোৎসৱত বিহু নৃত্য, বাৰেবৰণীয়া জনগোষ্ঠীয় নৃত্য আৰু নাটককে ধৰি বিভিন্ন অনুষ্ঠান পৰিৱেশন কৰে। আকাশে মহোৎসৱত পৰিবেশন কৰা বিহু নৃত্য, বাৰেবৰণীয়া জনগোষ্ঠীয় নৃত্য আৰু এখন নাট ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা সংবাদ মাধ্যম প্ৰকাশ পাইছে। উল্লেখ্য যে, তাজ ৰংগ মহোৎসৱত দেশৰ বিভিন্ন প্ৰান্তৰ আগশাৰীৰ বিভিন্ন কলা, সংস্কৃতি তথা নাট্য গোষ্ঠীয়ে অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতা মূলক উৎসৱত আকাশ গোষ্ঠীয়ে বিশেষ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সংবাদ মাধ্যম প্ৰকাশ পোৱাত অসমৰ লগতে মাণিকপুৰ বাসীয়ে আনন্দ প্ৰকাশ কৰিছে।