গুৱাহাটী : এভাৰগ্ৰীণ গ্ৰুপৰ দ্বাৰা আয়োজিত চতুৰ্থ নৰ্থ ইষ্ট মিডিয়া চেম্পিয়নছ (Media Cricket) ট্ৰফী টি-টুৱেণ্টী ক্ৰিকেটৰ চূড়ান্ত বিজয়ী এন ডি ২৪। গুৱাহাটীৰ জজ ফিল্ডত বৃহস্পতিবাৰে অনুষ্ঠিত ফাইনেল খেলখনত অসমীয়া প্ৰতিদিন গ্ৰুপক ৪৫ ৰাণৰ ব্যৱধানত পৰাস্ত কৰি এন ডি ২৪ দলে যতীন বৰ্মন সোঁৱৰণী ট্ৰফীসহ ১৫ হেজাৰ টকাৰ প্ৰাইজমানি লাভ কৰে।

ফাইনেলিষ্ট প্ৰতিদিনে ট্ৰফীসহ লাভ কৰে ১০ হেজাৰ টকা। এন ডি ২৪ দলে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৩ টা উইকেট হেৰুৱাই সংগ্ৰহ কৰে ১৯৯ ৰাণ। দলৰ অপেনাৰ ৰঞ্জিৎ চাংমাইয়ে অপৰাজিত ৭৭ ৰাণ কৰে। ৫৩ টা বলৰ ৰঞ্জিৎ চাংমাইৰ ইনিংছত আছিল ৬ টা বাউণ্ডেৰী আৰু ৪ টা ছিক্সাৰ। ৰাজ হুছেইনে ৫৯ আৰু বাস্তৱ হাজৰিকাই ২৯ ৰাণৰ অৱদান যোগায়। বলিঙত প্ৰতিদিন গ্ৰুপৰ পাৰ্থিৱ হাজৰিকা, ৱাছিম আহমেদ আৰু মঞ্জিত শৰ্মাই এটাকৈ উইকেট লাভ কৰে।

এন ডি ২৪ ৰ ১৯৯ ৰাণৰ প্ৰত্যুত্তৰত অসমীয়া প্ৰতিদিন গ্ৰুপে নিৰ্ধাৰিত ২০ অভাৰত ৫ টা উইকেট হেৰুৱাই ১৫৪ ৰাণ সংগ্ৰহ কৰি অভিযানৰ অন্ত পেলায়। দলৰ হৈ তৌহিদ আলী তালুকদাৰে অপৰাজিত ৬৩, অপেনাৰ জগজিৎ সিঙে ২৭ আৰু পাৰ্থিৱ হাজৰিকাই ১৪ ৰাণ সংগ্ৰহ কৰে। বলিঙত বাস্তৱ হাজৰিকাই ২ টা, অমিত বড়ো আৰু বিকাশ ছেত্ৰীয়ে এটাকৈ উইকেট দখল কৰে।

এই জয়েৰে প্ৰতিদিন গ্ৰুপৰ হাতৰ পৰা নৰ্থ ইষ্ট মিডিয়া ক্ৰিকেটৰ খিতাপ পুনৰুদ্ধাৰ কৰিলে এন ডি ২৪ দলে। ফাইনেল খেলখনৰ মেন অৱ দ্য মেচ ট্ৰফী লাভ কৰে ৰঞ্জিত চাংমাইয়ে। তৌহিদ আলী তালুকদাৰে লাভ কৰিলে প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্টৰ ট্ৰফী। খেলৰ আম্পায়াৰদ্বয় আছিল বুলবুল দাস আৰু বাপন দাস। স্ক’ৰাৰ আছিল আৰিফ শ‌ইকীয়া। পুৱা ফাইনেল মেচখন উদ্বোধন কৰে গুৱাহাটী মহানগৰৰ পৌৰপতি মৃগেন শৰণীয়া আৰু মহিলা ক্ৰিকেটাৰ মনীষা দাসে।

বঁটা বিতৰণি অনুষ্ঠানত উপস্থিত আছিল প্ৰাক্তন ৰঞ্জি ক্ৰিকেটাৰ দীপ বৰা, বিশিষ্ট ক্ৰীড়াবিদ কল্যাণ কুমাৰ দাস, ট্ৰফীদাতা হিমাংশু অনুপমৰ মাতৃ অন্নদা দাস বৰ্মন, এন বি নিউজৰ মহা প্ৰৱন্ধক দাদুমণি বৰাকে ধৰি বহু বিশিষ্ট লোক। পুৱা অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদ আৰু আয়োজক দল মিডিয়া ছুপাৰ কিংছৰ মাজতো এখন প্ৰীতি ক্ৰিকেট মেচ অনুষ্ঠিত হয়।