Joonmani Begum

বিশ্বনাথ : এটা সাধাৰণ চাকৰি (Employment) লাভ কৰিবলৈ দিনৰ পিছত দিন, মাহৰ পিছত মাহ, বছৰৰ পিছত বছৰ হাবাথুৰি খাই ফুৰা লাখ লাখ নিবনুৱা যুৱক-যুৱতী আছে দেশত। ইয়াৰ মাজতো কিছুমান নিবনুৱা যুৱক-যুৱতীয়ে চাকৰিৰ পৰিবৰ্তে উপাৰ্জনৰ অন্য পথ এটা উলিয়াই নিজকে আত্মনিৰ্ভৰশীল কৰিবলৈ সক্ষম হয়। কিন্ত নিজকে আত্মনিৰ্ভৰশীল কৰাৰ লগতে আনকো কৰ্মসংস্থাপন প্ৰদান কৰা সকল হৈ পৰে সকলোৰে বাবে আদৰ্শ।

অসমৰ নিবনুৱা যুৱক-যুৱতী সকলৰ সন্মুখত আদৰ্শ হিচাপে থিয় দিছে এজন যুৱক। ৰেডী মেড পৰঠা প্ৰস্তুত কৰাৰ কাৰখানা স্থাপন কৰি বিশ্বনাথ জিলাৰ গহপুৰৰ দিগন্ত দাস নামৰ এজন যুৱকে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। এটা সময়ত কাম বিচাৰি হাবাথুৰি খোৱা দিগন্ত দাসে ৰেডী মেড পৰঠা প্ৰস্তুত কৰা কাৰখানাখনৰ জৰিয়তে নিজৰ বাবে উপাৰ্জনৰ পথ মুকলি কৰাৰ লগতে কেইবাজনো নিবনুৱাক কৰ্মসংস্থাপন প্ৰদান কৰিছে। চাকৰি বিচাৰি নিৰাশ হোৱা সকলেও দিগন্ত দাসৰ দৰে আত্মনিৰ্ভৰশীল হোৱাৰ প্ৰয়াস কৰিব পাৰি।

চাকৰিৰ সন্ধানত নিজ মাতৃভূমিক এৰি বাংগালুৰুত কেতিয়াবা যদি হোটেলৰ শ্ৰমিক কেতিয়াবা আকৌ পেণ্টাৰ হিচাপে কাম কৰি কোনো মতে নিজৰ ভাত মুঠি মোকলাইছি গহপুৰৰ দিগন্ত দাস। দিগন্ত দাসে ২০১২ চনত বাংগালুৰুলৈ গৈ তাত সৰু-সুৰা কাম কৰাৰ লগতে তিনিচুকীয়াৰ সুৰিয়া থাপা নামৰ এজন যুৱকৰ সৈতে ৰেডী মেড পৰঠা কাৰখানাত প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। ইয়াৰ পিছত দুয়ো অন্ধ্ৰপ্ৰদেশলৈ আহি এটা সৰু কোঠাত আৰম্ভ কৰিছিল ৰেডী মেড পৰঠাৰ কাৰখানা কিন্তু মহামাৰী ক’ভিডৰ বাবে লক ডাউন আৰম্ভ হোৱাত মাত্ৰ ৬ মাহ কাৰখানা চলাই অসমলৈ ঘূৰি আহিছিল দুয়ো।

অসমলৈ ঘূৰি আহি পুনৰ কৰ্মহীন হৈ পৰাত উপাৰ্জনৰ কোনো ধৰণ পথ নথকাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছিল দিগন্ত দাস। ইয়াৰ মাজতে ওদালগুৰি জিলাৰ ফইজুল হক নামৰ এজন যুৱকক যোগাযোগ কৰে দিগন্ত দাসে। ফইজুল হকৰ ৰেডী মেড পৰঠাৰ তিনিটাকৈ কাৰখানা আছে। ফইজুল হকে দিগন্ত দাসক বিশ্বনাথত কাৰখানা স্থাপনৰ পৰামৰ্শ দিয়ে। ইয়াৰ পিছতে ধন যোগাৰ কৰি দিগন্ত দাসে বিশ্বনাথৰ পানীভড়ালত ৬ মাহ পূৰ্বে ৰেডী মেড পৰঠা প্ৰস্তুত কৰাৰ কাৰখানা আৰম্ভ কৰে। ৬ মাহতে দিগন্তৰ দাসৰ ৰেডী মেড পৰঠাই তেজপুৰৰ লগতে তিনিচুকীয়া, ডিব্ৰুগড়, চিলাপথাৰ, ধেমাজী, লখিমপুৰ আদি অঞ্চলৰ বজাৰ দখল কৰিবলৈ সক্ষম হয়।

দিগন্ত দাসৰ ডেইলী ফ্ৰেছ ফুড নামৰ পৰঠাৰ ১৪০০ পেকেট প্ৰতিদিনে বিক্ৰী হয়। ৫ টা পৰঠাৰ এটা পেকেটত ৬০ টকা আৰু ১০ টা পৰঠাৰ এটা পেকেটত ১০০ টকাত বিক্ৰী হয়। এটা সময়ত হোটেলত শ্ৰমিক হিচাপে কাম কৰা দিগন্ত দাস এতিয়া ১০ জনকৈ নিবনুৱাক নিজৰ কাৰখানাত কৰ্মসংস্থাপন দিছে। উল্লেখ্য যে ৰেডী মেড পৰঠাৰ কাৰখানা এটা আৰম্ভ কৰিবলৈ ৭ ৰ পৰা ১০ লাখ টকাৰ প্ৰয়োজন।সীমিত ধনেৰে এই উদ্যোগ আৰম্ভ কৰা দিগন্ত দাস বৰ্তমানলৈকে চৰকাৰৰ পৰা কোনো সুবিধা লাভ কৰা নাই।