নিউজ ডেস্ক : বিজেপি দলৰ বিধায়কৰ নিৰ্লজ্জ কাণ্ড। বিজেপি দলৰ বিধায়ৰ নিৰ্লজ্জ কাণ্ড বন্দী হ’ল কেমেৰাত। বিধানসভাৰ ভিতৰত মোবাইলত অশ্লীল ভিডিঅ’ চাই আছিল বিজেপিৰ বিধায়ক (MLA Watching Porn)। বিজেপি বিধায়কজনৰ এই নিৰ্লজ্জ কাণ্ড বন্দী হ’ল মোবাইল কেমেৰাত।

এজন জনপ্ৰতিনিধিৰ নিৰ্লজ্জ কাণ্ডকলৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বিজেপিৰ এজন বিধায়কে বিধানসভাৰ ভিতৰত বহি অশ্লীল ভিডিঅ’ চাই থকাৰ ভিডিঅ’ ভাইৰেল হৈ পৰাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। বিধানসভাৰ অধিৱেশন চলি থকা সময়ত বিজেপিৰ বিধায়কজনে নিজৰ মোবাইলত চাই আছিল অশ্লীল ভিডিঅ’।

এই নিৰ্লজ্জ কাণ্ড সংঘটিত কৰিছে ত্ৰিপুৰাৰ বিজেপি দলৰ এজন বিধায়কে। ত্ৰিপুৰা বিধানসভাৰ অধিৱেশন চলি থকা সময়ত ত্ৰিপুৰাৰ বাগবাসা বিধানসভাৰ বিজেপি দলৰ বিধায়কজনে নিৰ্লজ্জভাৱে নিজৰ মোবাইল ফোনত চাই আছিল অশ্লীল ভিডিঅ’। এই নিৰ্লজ্জ কাণ্ড সংঘটিত কৰা বিধায়কজনৰ নাম যাদৱ লাল নাথ।

ত্ৰিপুৰা বিধানসভাত ৰাজ্যৰ বাজেট সম্পৰ্কীয় আলোচনা চলি থকাৰ মাজতে বাগবাসা বিধানসভাৰ বিজেপি দলৰ বিধায়ক যাদৱ লাল নাথে নিজৰ মোবাইলত অশ্লীল ভিডিঅ’ চাই আছিল। বিধায়কজনৰ এই নিৰ্লজ্জ কাণ্ড বন্দী হয় এজনৰ মোবাইল কেমেৰেত।

বিজেপি বিধায়ক যাদৱ লাল নাথৰ এই নিৰ্লজ্জ কাণ্ড সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ত্ৰিপুৰা বিজেপিয়ে বিধায়ক যাদৱ লাল নাথৰ পৰা ঘটনা সন্দৰ্ভত স্পষ্টীকৰণ বিচাৰিছে যদিও বৰ্তমানলৈকে বিধায়কজনে এই সন্দৰ্ভত মুখ খোলা নাই। উল্লেখ্য যে পূৰ্বেও বিধানসভাৰ ভিতৰৰ জনপ্ৰতিনিধিয়ে এনে ধৰণৰ নিৰ্লজ্জ কাণ্ড সংঘটিত কৰিছে।