গুৱাহাটী : মহাৰাষ্ট্ৰৰ ৰাজনীতিত ধুমুহা। মহাৰাষ্ট্ৰৰ উদ্ধাৱ থাকৰেৰ চৰকাৰ মহা সংকটত পৰিছে। মহাৰাষ্ট্ৰত পতন ঘটিব পাৰে উদ্ধাৱ থাকৰেৰে চৰকাৰ। উদ্ধাৱ থাকৰেৰ অতিকৈ ঘনিষ্ঠ একনাথ সিন্ধেৰ নেতৃত্বত আৰম্ভ হৈছে উদ্ধাৱ থাকৰেৰ চৰকাৰৰ বিৰুদ্ধে বিসম্বাদ।

মহাৰাষ্ট্ৰৰ উদ্ধাৱ থাকৰেৰ চৰকাৰৰ বিৰুদ্ধে বিসম্বাদ আৰম্ভ কৰি মহাৰাষ্ট্ৰৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰিছে উদ্ধাৱ থাকৰেৰ অতিকৈ ঘনিষ্ঠ একনাথ সিন্ধে। শিৱ সেনাৰ ৪০ গৰাকী বিধায়কৰ সমৰ্থন আছে বুলি দাবী কৰি একনাথ সিন্ধে উদ্ধাৱ থাকৰেৰ চৰকাৰৰ পতন ঘটাবলৈ বিসম্বাদ আৰম্ভ কৰিছে।

একনাথ সিন্ধেৰ সমৰ্থনত থকা বিধায়ক সকলক লগতলৈ একনাথ সিন্ধে চুৰতত বাহৰ পাতিছিল যদিও বিধায়ক সকলক লগতলৈ হঠাৎ একনাথ সিন্ধে গুৱাহাটীত উপস্থিত হয়। বৰ্তমান গুৱাহাটীৰ ৰেডিশ্যন ব্লু হোটেলত একনাথ সিন্ধে তেওঁৰ সমৰ্থনত থকা বিধায়ক সকলৰ লগত বাহৰ পাতি আছে।

গুৱাহাটী বিমান বন্দৰত উপস্থিত হোৱাৰ পিছত একনাথ সিন্ধে সাংবাদিকক জানিবলৈ দিয়ে যে তেওঁলোক শিৱসেনাৰ পৰা পদত্যাগ নকৰে। তেওঁলোক হিন্দুত্ববাদক সমৰ্থন কৰে। তেওঁৰ লগত শিৱসেনাৰ ৪০ গৰাকী বিধায়কৰ সমৰ্থন আছে। ইফালে বিজেপিয়ে শিৱসেনাৰ এই সকল বিসম্বাদী বিধায়কৰ লগত মহাৰাষ্ট্ৰত চৰকাৰ গঠন কৰাৰ চৰ্চাও চলিছে।

মঙলবাৰে নিশাৰ ভাগত গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰত উপস্থিত হোৱা শিৱসেনাৰ বিধায়ক সকলক কটকটীয়া নিৰাপত্তাৰ মাজত বিশেষ বাছৰে ৰেডিশ্যন ব্লু হোটেললৈ নিয়া হয়। ৰাজ্যিক বিজেপিৰ যুৱ মৰ্চাৰ সম্পাদক হিমাংশু শেখৰ বৈশ্যই বিধায়ক সকল অহাৰ পুৰ্বে নিয়ন্ত্ৰন কৰিছিল যাতায়ত ব্যৱস্থা। বিমানবন্দৰত শিৱসেনাৰ বিধায়কৰ দলটোক আদৰণী জনায় সুশান্ত বুঢ়াগোহাই আৰু পল্লৱ লোচন দাসে।