নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৮ আগষ্ট : ১ ছেপ্টেম্বৰৰ পৰা বেংকৰ কিছু নিয়ম সলনি হ’ব, যাৰ প্ৰভাৱ হয়তো সকলোৰে দৈনন্দিন জীৱনত পোনপটীয়াভাৱে পৰিব। কোনো বেংকে যদি ঘৰ কিনিবলৈ সুবিধা প্ৰদান কৰিছে, কোনোটোৱে আকৌ সময় সলনি কৰিব পাৰে।

কেইবাটাও বেংকে ১ ছেপ্টেম্বৰৰ পৰা গ্ৰাহকৰ বাবে নতুন সুবিধা আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে। ৫৯ মিনিটত হোম, অটো, পাৰ্ছনেল লোণ এই উৎসৱৰ বতৰত চৰকাৰী বেংকৰ পৰা ৫৯ মিনিটত হোম লোণ, অটো লোণ আৰু পাৰ্ছনেল লোণ লোৱাৰ সুবিধা আৰম্ভ হ’ব পাৰে।

এছ বি আইৰ গ্ৰাহকে আৰ এল এল আৰত পাব হোম লোণ । ১ ছেপ্টেম্বৰৰ পৰা ভাৰতীয় ষ্টেট বেংকে গ্ৰাহকৰ বাবে হোম লোণ লৈ ঘৰ কিনাটো সহজ হৈ পৰিব। এছ বি আইৰ ৰেপ’ লিংকড লেণ্ডিং ৰেট (RLLR)–এ হোম লোণ ইণ্ডাষ্ট্ৰীৰ পেটাৰ্ন সলনি কৰিছে। এছ বি আইয়ে হোম লোণৰ সুদত ০.২০ শতাংশ কৰ্তন কৰিছে। ১ ছেপ্টেম্বৰৰ পৰা হোম লোণৰ সুদ ৮.০৫ শতাংশ হ’ব।

১৫ দিনত বেংকে জাৰি কৰিব কিষাণ ক্ৰেডিট কাৰ্ড (KCC) ১ ছেপ্টেম্বৰৰ পৰা কিষাণ ক্ৰেডিট কাৰ্ড (KCC) বনোৱা আৰু সহজ হৈ পৰিব। সৰ্বাধিক ১৫ দিনৰ ভিতৰত বেংকে কিষাণ ক্ৰেডিট কাৰ্ড জাৰি কৰিব লাগিব। কেন্দ্ৰীয় চৰকাৰে কৃষকক সকাহ দিবলৈ ১৫ দিনৰ ভিতৰত কিষাণ ক্ৰেডিট কাৰ্ড জাৰি কৰাৰ নিৰ্দেশ দিছে বেংকসমূহক।

বেংক অৱ মহাৰাষ্ট্ৰয়ো কাৰ্যকৰী কৰিব নতুন সুদৰ হাৰ ৰাজহুৱা খণ্ডৰ বেংক অৱ মহাৰাষ্ট্ৰই দেওবাৰে কয় যে বেংকটোৱে নিজৰ ৰিটেইল লোণ ৰেপ’ ৰেটৰ সৈতে সংলগ্ন কৰিব। ইয়াৰ ফলত লোণ সুলভ হ’ব। ৰেপ’ ৰেটৰ সৈতে লোণৰ সুদ সংলগ্ন হোৱাৰ পিছত ৰেপ’ ৰেটত আৰ বি আইৰ দ্বাৰা যেতিয়া সালসলনি হ’ব, লোণৰ সুদৰ হাৰো সালসলনি হ’ব।

ইফালে ১ ছেপ্টেম্বৰৰ পৰা বন্ধ হৈ যাব গ্ৰাহকৰ মোবাইল ৱালেট যদি পে’টিএম, ফোন পে’, গুগল পে’ৰ দৰে মোবাইল ৱালেটৰ ব্যৱহাৰ কৰে, তেন্তে ৩১ আগষ্টৰ ভিতৰত ইয়াৰ কে ৱাই চি পূৰণ কৰক। কে ৱাই চি পূৰণ নকৰিলে ১ ছেপ্টেম্বৰৰ পৰা গ্ৰাহকৰ মোবাইল ৱালেটে কাম কৰা বন্ধ কৰিব। ভাৰতীয় ৰিজাৰ্ভ বেংকে এই মোবাইল ৱালেট কোম্পানীসমূহক নিজৰ গ্ৰাহকৰ কে ৱাই চি পূৰণ কৰাবৰ বাবে ৩১ আগষ্টলৈ সময়সীমা বান্ধি দিছিল।

ইয়াৰোপৰি, এছ বি আইয়ে হ্ৰাস কৰিলে ফিক্সড ডিপ’জিটৰ সুদৰ হাৰ । দেশৰ সৰ্ববৃহৎ বেংক এছ বি আইৰ ৰিটেইল ফিক্সড ডিপ’জিট আৰু বাল্ক ডিপ’জিটৰ সুদৰ হাৰ হ্ৰাস কৰিছে। ৰিটেইল টাৰ্ম ডিপ’জিটৰ সুদৰ হাৰ ০.১ শতাংশৰ পৰা ০.৫ শতাংশ কৰা হৈছে। বাল্ক ডিপ’জিটৰ হাৰ ০.৩ শতাংশৰ পৰা ০.৭ শতাংশ কৰা হৈছে।

সলনি হ’ব পাৰে বেংক খোলাৰ সময় সাধাৰণতে সকলো ৰাজহুৱা খণ্ডৰ বেংক পুৱা ১০ বজাত খোলা হয় আৰু গ্ৰাহকে বেংকৰ কামৰ বাবে ১০ বজালৈ অপেক্ষা কৰিবলগীয়া হয়। কিন্তু এতিয়া বেংক খোলাৰ সময় সলনি হ’ব পাৰে। যদি এনেকুৱা হয় তেন্তে গ্ৰাহকৰ কষ্ট কিছু পৰিমাণে লাঘৱ হ’ব। কাৰ্যালয়লৈ যোৱাৰ পূৰ্বে বেংকৰ কাম সম্পূৰ্ণ কৰিব পাৰিব গ্ৰাহকে।

এই নিয়মসমূহ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ’ব। যদি এই নিয়ম কাৰ্যকৰী হয় তেন্তে বেংকসমূহ পুৱা ৯ বজাত খোলা হ’ব। কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ৰ বেংকিং ডিভিজনে সকলো চৰকাৰী আৰু আঞ্চলিক গ্ৰামীণ বেংকক পুৱা ৯ বজাত খোলাৰ প্ৰস্তাৱ দিছে।