নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৮ নৱেম্বৰ : দেশৰ ৪৭ সংখ্যক মুখ্য ন্যায়াধীশৰ পদত অধিষ্ঠিত হ’ল শৰদ অৰবিন্দ বোবডে। অযোধ্যা বিবাদক লৈ গঠন হোৱা ৫জনীয়া বিচাৰপীঠৰ সদস্য আছিল বোবডে। ইতিমধ্যে শৰদ অৰবিন্দ বোবডে কেইবাটাও গুৰুত্বপূৰ্ণ ৰায়ো প্ৰদান কৰিছে ।

উল্লেখযোগ্য যে মুখ্য ন্যায়াধীশৰ আসনত অধিষ্ঠিত হোৱাৰ পাছত শৰদ অৰবিন্দ বোবডৰ দায়িত্বত থাকিব দেশৰ ন্যায়ালয়সমূহত স্থগিত হৈ থকা মুঠ ৩.৫৩ কোটি টা গোচৰ। উল্লেখ কৰিব পাৰি যে উচ্চতম ন্যায়ালয়তে ৫৮,৬৬৯ টা গোচৰ স্থগিত হৈ আছে ।

তথ্য অনুসৰি আহি থকা ৫ বছৰৰ ভিতৰত মুঠ ৮,৫২১ গৰাকী ন্যায়াধীশৰ প্ৰয়োজন হ’ব এই সমগ্ৰ বিষয়বোৰ নিষ্পত্তি কৰিবৰ বাবে।

উল্লেখযোগ্য যে ২০২১ চনৰ এপ্ৰিল মাহলৈকে থাকিব মুখ্য ন্যায়াধীশ আসনত থাকিব বোবডে। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে শপত বাক্য পাঠ কৰোৱাই শৰদ অৰবিন্দ বোবডেক।