গুৱাহাটী, সংবাদ ৩৬৫, ১৮ নৱেম্বৰ : মাৰোৱাৰী হাস্পতালত গেষ্ট্র আৰু লিভাৰ চাৰ্জাৰীৰ বিভাগত বিশেষ পৰামৰ্শৰ বাবে শ্ৰী গংগাৰাম হস্পিতাল, দিল্লীৰ লগত এক চুক্তি কৰে । উক্ত অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল , গুৱাহাটীৰ সাংসদ কুইন ওজাকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি।

মুখ্যমন্ত্ৰীয়ে তেখেতৰ নিজৰ ভাষণত চিকিৎসালয়খনে সমাজৰ দুখীয়া আৰু আৰ্থিকভাৱে দুৰ্বল শ্রেণীৰ বাবে বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়োৱাৰ বাবে কৰা প্ৰচেষ্টাক প্ৰশংসা কৰে। তেখেতে আৰু কয় যে বৰ্তমান আমাৰ দেশৰ কিছু লোকৰ বাবে চিকিৎসা এক ব্যয়বহুল বিষয় । এনে পৰিস্থিতিত কম মূল্যতে মাৰোৱাৰী হাস্পতালে জনগণৰ কাৰণে চিকিৎসা সেৱা আগবঢ়াইছে ।

মুখ্যমন্ত্রীয়ে উক্ত অনুষ্ঠানত থাকি নিজকে গৌৰৱবোধ কৰি কয় যে মাৰোৱাৰী হাস্পতালত গেষ্ট্র আৰু লিভাৰ চাৰ্জাৰীৰ বিভাগত বিশেষ পৰামৰ্শৰ বাবে শ্ৰী গংগাৰাম হস্পিতাল, দিল্লীৰ লগত কৰা চুক্তিয়ে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণক গেষ্ট্র আৰু লিভাৰ চাৰ্জাৰীৰ ক্ষেত্ৰত আশ্বাস দিব।