গুৱাহাটী : অৱশেষত অপেক্ষাৰ অন্ত পৰিল। স্মাৰ্টফোন নিৰ্মাতা অপ্পোৱে গ্ৰাহকৰ বাবে বজাৰত মুকুলি কৰি দিছে সকলোৰে পছন্দৰ নতুন অ’প্পো ৰেনো ৮ টি ৫ জি মোবাইল (Mobile Phone)। গুৱাহাটীৰ চিটি চেণ্টাৰৰ তৃতীয় মহলাত অপ্পো এক্সক্লুছিভ শ্ব’ৰুমত বিশেষ অতিথি হিচাপে উপস্থিত থকা অভিনেত্ৰী দীগাংগানা বৰাই ৰেনো ৮ টি ৫ জি স্মাৰ্টফোন মুকলি কৰে।

অনুষ্ঠানটোত অ’প্পো শ্ব’ৰুমৰ দলৰ লগতে জোনেল চেলছ মেনেজাৰ আনিশুজ জামান, শ্ব’ৰুম আৰু অ’প্পো শ্ব’ৰুম তথা এল এফ আৰ হে’ড সন্দীপ চৌধুৰী উপস্থিত থাকে। স্মাৰ্টফোন মুকলি অনুষ্ঠানত ভাষণ প্ৰদান কৰি অভিনেত্ৰী দীগাংগানা বৰাই কয় যে অ’প্পো সদায় সকলোৰে প্রিয় স্মাৰ্ট ফোন আৰু আই অ টি সামগ্ৰীৰ দিশত আটাইতকৈ অভিনৱ আৰু ষ্টাইলিছ ব্ৰেণ্ড। কেৱল এয়াই নহয় বিক্ৰীৰ ক্ষেত্ৰতো অপ্পো শীৰ্ষত। অপ্পো ৰেনো ৮ টি ৫ জি স্মাৰ্টফোন আহিছে চানৰাইছ গোল্ড আৰু মিডনাইট ব্লেকত।

ইয়াত উৎকৃষ্ট সুবিধা থকাৰ লগতে ১২০ এইছ জেদ ৩ ডি কৰ্ভাড স্ক্ৰীণ, ১০৮ এম পি মেগাপিক্সেল আল্ট্ৰা ক্লিয়াৰ পোট্ৰেইট এক্সপাৰ্ট, ৪০ এক্স মেগনিফিকেচনৰ সৈতে মাইক্ৰ’লেন্স, ৪ বছৰৰ অতিৰিক্ত দীৰ্ঘম্যাদী বেটাৰিৰ সৈতে ৬৭ ৱাট চুপাৰ ভি অঅ চি টিএম আৰু আল্ট্ৰা ভলিউম মুডৰ সৈতে ডুৱেল ষ্টিৰিঅ’ স্পীকাৰ উপলব্ধ। এইটো যুৱক আৰু মহিলাসকলৰ বাবে সঠিক সংমিশ্ৰণ। অসম আৰু উত্তৰ-পূবৰ লোকসকলে এই স্মাৰ্টফোনটো আকোৱালি ল’ব বুলি আশা প্ৰকাশ কৰে অভিনেত্ৰী গৰাকীয়ে।

অনুষ্ঠানটোত জোনেল চেলছ মেনেজাৰ আনিশুজ জামানে কয় যে ৰেনো ৮ টি ৫ জি স্মাৰ্টফোনটো উন্নত ডিজাইন আৰু প্ৰযুক্তিৰ সৈতে মিলাই নিৰ্মান কৰা হৈছে আৰু সকলো সুবিধা উপলব্ধ কৰা হৈছে। ৰেনো ৮ টি স্মাৰ্টফোনটো বিশেষভাৱে ১২০ এইছ জেদ ৩ ডি কৰ্ভাড স্ক্ৰীণ, ৪০ এক্স মেগনিফিকেচনৰ সৈতে মাইক্ৰ’লেন্সৰ বাবে জনাজাত।কেৱল ২৯,৯৯৯ টকাত বজাৰত উপলব্ধ। শ্ব’ৰুম আৰু এলএফ আৰৰ মুৰব্বী সন্দীপ চৌধুৰীয়ে যে ”ৰেনো ৮ টি ৫ জি ক্ৰয় কৰাৰ সময়ত গ্ৰাহকে আগশাৰীৰ আই চি আই চি আই, কোটাক, এছ বি আই কাৰ্ডৰ লগতে কেইবাটাও দিশত ১০% লৈকে কেছ বেক লাভ কৰিব।

আনহাতে অতি কম পৰিমাণৰ আগধন দি ৬ মাহলৈকে আই ডি এফ চি ফাষ্ট বেংকৰ পৰা ইএমআই আৰু কেছ বেকৰ সুবিধা লাভ কৰিব। লগতে অ’প্পোৱে নতুনকৈ মুকলি কৰা আই অ টি সামগ্ৰী এনকো এয়াৰ।৩ আৰু ৰেনো ৮ টি ক্ৰয়ৰ ওপৰত আকৰ্ষণীয় ৰেহাই লাভ কৰিব গ্ৰহকে। এই অফাৰ সীমিত সময়ৰ বাবে থাকিব।