গুৱাহাটী : হলিউডৰ অভিনেতা লিঅ’নাৰ্ডো ডি কেপ্ৰিঅক (Leonardo DiCaprio) অসমলৈ নিমন্ত্ৰণ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰিবলৈ নিমন্ত্ৰণ জনোৱা হৈছে হলিউডৰ বিখ্যাত ছবি টাইটেনিৰ অভিনেতা গৰাকীক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমলৈ নিমন্ত্ৰণ জনাইছে লিঅ’নাৰ্ডো ডি কেপ্ৰিঅক।

অভিনেতা লিঅ’নাৰ্ডো ডি কেপ্ৰিঅক অসমলৈ নিমন্ত্ৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হলিউডৰ অভিনেতা গৰাকীৰ এটা পোষ্টৰ প্ৰতিক্ৰিয়া স্বৰূপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাজিৰঙা পৰিদৰ্শনৰ বাবে অভিনেতা গৰাকীক অসমলৈ আহিবলৈ আহ্বান জনাইছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এশিঙীয়া গঁড় সংৰক্ষনৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাৰ প্ৰসংশা কৰি লিঅ’নাৰ্ডো ডি‌ কেপ্ৰিঅ’ই সামাজিক মাধ্যমত এটা পোষ্ট দিছিল।

অভিনেতা গৰাকীয়ে এশিঙীয়া গঁড় সংৰক্ষনৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাক প্ৰসংশা কৰাৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিনেতা গৰাকীক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰিবলৈ আমন্ত্ৰণ জনায়। এটা ইনষ্টাগাম পোষ্টত হলিউডৰ জনপ্ৰিয় অভিনেতা গৰাকীয়ে বিপদাপন্ন জন্তুটোৰ চোৰাং চিকাৰ বন্ধ কৰাৰ লক্ষ্য প্ৰাপ্ত কৰাৰ বাবে অসম চৰকাৰক প্ৰসংশা কৰে।

“২০২২ চনত, তেওঁলোকে তেওঁলোকৰ লক্ষ্য পূৰণ কৰিছিল আৰু ১৯৭৭ চনৰ পিছত প্ৰথমবাৰৰ বাবে অঞ্চলটোত কোনো গঁড় চিকাৰ কৰা হোৱা নাই।” হলিউডৰ জনপ্ৰিয় অভিনেতা গৰাকীয়ে এইদৰে লিখি সামাজিক মাধ্যমত পোষ্ট কৰিছিল। অভিনেতা গৰাকীৰ ইনষ্টাগাম পোষ্টৰ পিছতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পোষ্টটোৰ স্ক্ৰীনশ্বত শ্বেয়াৰ কৰি টুইটাৰত লিখে,”বন্যপ্ৰাণী সংৰক্ষন আমাৰ সাংস্কৃতিক পৰিচয়ৰ অবিচ্ছেদ্য অংশ। আমি আমাৰ সমৃদ্ধ সাংস্কৃতিক ঐতিস্যক অধ্যৱসায় আৰু সুৰক্ষা ৰক্ষা কৰিবলৈ সমৰ্পিত।”

মুখ্যমন্ত্ৰীয়ে লগতে কয়, “আপোনাৰ এই দয়ালু মন্তব্যৰ বাবে ধন্যবাদ @leoDeCaprio মই আপোনাক অসম আৰু কাজিৰঙা ভ্ৰমণৰ বাবে আন্তৰিক নিমন্ত্ৰণ জনাইছোঁ।” অভিনেতা গৰাকীয়ে পোষ্টটোত উল্লেখ কৰে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ২,২০০ টা গঁড় আছে, যি হৈছে বিশ্বত গঁড়ৰ জনসংখ্যাৰ প্ৰায় এক তৃতীয়াংশ। বিশ্ব বন্যপ্ৰাণী পুঁজিৰ প্ৰতিবেদনৰ উদ্ধুতি দি তেওঁ কয় যে বিৰল গঁড়ৰ বিশ্বব্যাপী জনসংখ্যা বিংশ শতিকাৰ আৰম্ভণিতে প্ৰায় ২০০ ৰ পৰা প্ৰায় ৩,৭০০ লৈ বৃদ্ধি পাইছে।