Orissa : চিকিৎসাধীন অৱস্থাত মৃত্যু উৰিষ্যাৰ স্বাস্থ্য মন্ত্ৰী নৱ দাসৰ

In ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়
Umra Package

নিউজ ডেস্ক : চিকিৎসাধীন অৱস্থাত মৃত্যু উৰিষ্যাৰ (Orrisa) স্বাস্থ্য মন্ত্ৰী নৱ দাসৰ। স্বাস্থ্য মন্ত্ৰী নৱ দাসৰ মৃত্যুৰ শোক প্ৰকাশ কৰিছে উৰিষ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে। মুখ্যমন্ত্ৰী নবীন পাটনায়কে কয় যে নৱ দাস চৰকাৰ আৰু দল উভয়ৰে বাবে গুৰুত্বপূৰ্ণ আছিল। নৱ দাসৰ মৃত্যুৰ ফলত ৰাজ্যখনে যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে।

মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ নেতৃত্বত গঠিত উৰিষ্যাৰ মন্ত্ৰীসভাত নবা দাস আছিল এক গুৰুত্বপূৰ্ণ মন্ত্ৰী। এজন এ এছ আইয়ে স্বাস্থ্য মন্ত্রী নৱ দাসৰ বুকুত কেইবাটাও গুলী নিক্ষেপ কৰিছিল। আঘাতপ্ৰাপ্ত অৱস্থাত ভুৱনেশ্বৰৰ পৰা এপ’ল’ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও নৱ দাসৰ চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে। আনহাতে, গুলীচালনাৰ গোচৰৰ তদন্ত চি আই ডি, ক্ৰাইম ব্ৰাঞ্চৰ হাতত অৰ্পণ কৰা হৈছে।

ডি এছ পি ৰমেশ ড’ৰাৰ নেতৃত্বত ৭ জনীয়া এটা বিশেষ তদন্তকাৰী দল গঠন কৰা হৈছে, যিয়ে বিষয়টোৰ তদন্ত কৰিব। ইয়াৰ পূর্বে ভুৱনেশ্বৰত মুখ্যমন্ত্রী নবীন পাটনায়কে স্বাস্থ্য মন্ত্রীগৰাকীৰ স্বাস্থ্যৰ বুজ ল’বলৈ নিজেই এপ’ল’ হাস্পতালত উপস্থিত হৈ স্বাস্থ্যমন্ত্রী নৱ দাসৰ ওপৰত চলা আক্রমণক গৰিহণা দিয়ে। তথ্য অনুসৰি নৱ দাসৰ বুকুত চাৰিটা গুলী লাগিছিল।

প্ৰথমে মন্ত্ৰী গৰাকীক ঝাৰছুগুদা জিলা সদৰ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও পিছত উন্নত চিকিৎসাৰ বাবে তেওঁক বিমানেৰে ভুৱনেশ্বৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱাৰ ব্যৱস্থা কৰা হয়। ঝাৰছুগুদা জিলাৰ ব্ৰজৰাজনগৰ অঞ্চলত বিজেডি দলৰ কাৰ্যালয় উদ্বোধন কৰিবলৈ উৰিষ্যাৰ স্বাস্থ্য মন্ত্ৰী নৱ কুমাৰ দাস উপস্থিত হৈছিল।

গাড়ীৰ পৰা নামি মন্ত্ৰী গৰাকীয়ে নতুনকৈ নিৰ্মাণ কৰা দলীয় কাৰ্যালয়ৰ ফালে খোজ দিবলৈ আৰম্ভ কৰাৰ লগে লগে সহকাৰী আৰক্ষী উপ পৰিদৰ্শকে তেওঁক মাৰাত্মকভাৱে আক্ৰমণ কৰে। তিনিৰ পৰা চাৰিটা গুলী স্বাস্থ্য মন্ত্ৰী গৰাকীৰ বুকুত মাৰে। আক্ৰমণকাৰী এ এছ আইজনক গ্ৰেপ্তাৰ কৰি জিম্মাত লোৱা হৈছে। তেওঁৰ অস্ত্ৰ জব্দ কৰি জেৰা অব্যাহত আছে।

You may also read!

Franchise Insider : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ

গুৱাহাটী : উত্তৰ পূবত প্ৰৱেশ ফ্ৰেঞ্চাইজি ইনচাইডাৰ (Franchise Insider)। ফ্ৰেঞ্চাইজি ইনচাইডাৰ হৈছে ভাৰতৰ এক আগশাৰীৰ ফ্ৰেঞ্চাইজি পৰামৰ্শদাতা প্ৰতিষ্ঠান। পল্টন

Read More...

USTM : ইউ এছ টি এমত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলন ২০২৩ ৰ সফল সামৰণি

খানাপাৰা : আত্মনিৰ্ভৰ ভাৰতৰ বাবে পৰিৱৰ্তনশীল উচ্চ শিক্ষা শীৰ্ষক তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত উপাচাৰ্যসকলৰ ৰাষ্ট্ৰীয় সন্মিলনৰ শনিবাৰে ইউনিভাৰ্চিটি অৱ চাইন্স

Read More...

Mega Business : গুৱাহাটী মেগা বিজনেছ এক্সিভিশ্যন ‘এংকৰেজ’ আৰম্ভ

গুৱাহাটী : গুৱাহাটী মেগা বিজনেছ (Mega Business) এক্সিভিশ্যন 'এংকৰেজ' আৰম্ভ। উদ্বোধন কৰে মন্ত্রী অশোক সিংঘালে। গুৱাহাটীৰ পল্টন বজাৰৰ আশী

Read More...

Mobile Sliding Menu