গুৱাহাটী, ৭ অক্টোবৰ, ২০২৩ : ৰে’ল যাত্ৰীসকলৰ (Railway Passenger) সুবিধাৰ্থে, ৬ অক্টোবৰ, ২০২৩ তাৰিখৰ পৰা ৰে’ল নং ১৩১৭৩ (শিয়ালদহ-আগৰতলা) কাঞ্চনজংঘা এক্সপ্ৰেছ আৰু ৭ অক্টোবৰ, ২০২৩ তাৰিখৰ পৰা ৰে’ল নং ১৩১৭৪ (আগৰতলা-শিয়ালদহ) কাঞ্চনজংঘা এক্সপ্ৰেছ ৰে’লখনৰ নিউ ময়নাগুড়ী ষ্টেচনত দুই মিনিটৰ বাবে অতিৰিক্ত ষ্টপেজ প্ৰদান কৰা হৈছে। লগতে, ৭ অক্টোবৰ, ২০২৩ তাৰিখৰ পৰা একলাখি ষ্টেচনত ৰে’ল নং ১৩১৬৩/১৩১৬৪ (শিয়ালদহ-সহৰসা-শিয়ালদহ) হাটেবাজাৰে এক্সপ্ৰেছ ৰে’লখনৰ ষ্টপেজ প্ৰদান কৰা হৈছে। ৬ অক্টোবৰ, ২০২৩ তাৰিখে পশ্চিম বংগৰ নিউ ময়নাগুড়ী ষ্টেচনত নতুন ষ্টপেজৰ সৈতে কাঞ্চনজংঘা এক্সপ্ৰেছৰ শুভাৰম্ভ কৰে সাংসদ (লোকসভা) ড০ জয়ন্ত কুমাৰ ৰয়ে।

আন এক কাৰ্যসূচীত, সাংসদ (লোকসভা) খগেন মুৰ্মুয়ে ৭ অক্টোবৰ, ২০২৩ তাৰিখে একলাখি ষ্টেচনত নতুন ষ্টপেজৰ সৈতে হাটেবাজাৰে এক্সপ্ৰেছৰ শুভাৰম্ভ কৰে। অনুষ্ঠানসমূহত সংশ্লিষ্ট মণ্ডলৰ জ্যেষ্ঠ ৰে’লৱে বিষয়াবৰ্গ আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে। ৰে’ল নং ১৩১৭৩ (শিয়ালদহ-আগৰতলা) কাঞ্চনজংঘা এক্সপ্ৰেছ ১৯:১৬ বজাত নিউ ময়নাগুড়ী ষ্টেচন উপস্থিত হ’ব আৰু ১৯:১৮ বজাত প্ৰস্থান কৰিব। উভতনি যাত্ৰাৰ দিশত ৰে’ল নং ১৩১৭৪ (আগৰতলা-শিয়ালদহ) কাঞ্চনজংঘা এক্সপ্ৰেছ ০৬:০৫ বজাত নিউ ময়নাগুড়ী ষ্টেচনত উপস্থিত হ’ব আৰু ০৬:০৭ বজাত প্ৰস্থান কৰিব।

ৰে’ল নং ১৩১৬৩ (শিয়ালদহ-সহৰচা) হাটেবাজাৰে এক্সপ্ৰেছ ০৫:০৪ বজাত একলাখি ষ্টেচন উপস্থিত হ’ব আৰু ০৫:০৬ বজাত প্ৰস্থান কৰিব। উভতনি যাত্ৰাৰ দিশত ৰে’ল নং ১৩১৬৪ (সহৰচা-শিয়ালদহ) হাটেবাজাৰে এক্সপ্ৰেছ ২১:৫৮ বজাত একলাখী ষ্টেচন উপস্থিত হ’ব আৰু ২২:.০০ বজাত প্ৰস্থান কৰিব। ৰে’লসমূহৰ এই নতুন ষ্টপেজসমূহে সংশ্লিষ্ট অঞ্চলৰ ৰে’ল যাত্ৰীসকলক ৰাজ্যখনৰ ৰাজধানীলৈকে তেওঁলোকৰ ভ্ৰমণৰ বাবে আন এক বিকল্প প্ৰদান কৰিব।

এই ৰে’লসমূহৰ ষ্টপেজ আৰু সময়ৰ বিস্তৃত বিৱৰণ আইআৰচিটিচি ৱেবছাইটত আৰু এনটিইএছৰ জৰিয়তে উপলব্ধ থকাৰ লগতে বিভিন্ন বাতৰি কাকত আৰু উত্তৰ পূব সীমান্ত ৰে’লৱেৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো প্ৰকাশ কৰা হৈছে। যাত্ৰীসকলক তেওঁলোকৰ যাত্ৰা কৰাৰ আগতে সবিশেষ বিৱৰণ চোৱাৰ বাবে অনুৰোধ জনোৱা হৈছে।