গুৱাহাটী, ৭ অক্টোবৰ, ২০২৩ : নতুন দিল্লী (New Delhi) ত অনুষ্ঠিত “ভাইব্ৰেণ্ট গুজৰাট গ্লোবেল ছামিট” ২০২৪ শীৰ্ষক মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে অসম তথা উত্তৰ-পূৱৰ যুৱ উদ্যোগপতি ড০ ঘনশ্যাম দাস ধানুকাই। উত্তৰ-পূৱৰ পৰা উদ্যোগপতি ড০ ঘনশ্যাম দাস ধানুকাই উক্ত অনুষ্ঠানত সমগ্ৰ অঞ্চলটোকে প্ৰতিনিধিত্ব কৰি সুনাম কঢ়িয়াই আনিছে। গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল, কেইবাজনো মন্ত্ৰী আৰু অন্যান্য জ্যেষ্ঠ প্ৰশাসনিক বিষয়াসকলৰ উপস্থিতিত ৰাজধানী দিল্লীৰ হোটেল তাজ পেলেচত অনুষ্ঠিত হয় “ভাইব্ৰেণ্ট গুজৰাট গ্লোবেল ছামিট” ২০২৪ শীৰ্ষক মত বিনিময় অনুষ্ঠান।

অসম তথা উত্তৰ পূৱৰ যুৱ উদ্যোগপতি ড০ ঘনশ্যাম দাস ধানুকাৰ লগতে সমগ্ৰ দেশৰ বহু প্ৰখ্যাত উদ্যোগপতি আৰু প্ৰভাৱশালী ব্যক্তি সকল উক্ত মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে। উক্ত মত বিনিময় অনুষ্ঠানত ড০ ঘনশ্যাম দাস ধানুকাই গুজৰাটৰ উদ্যোগ, অসামৰিক বিমান পৰিবহন, গ্ৰামোন্নয়ন, শ্ৰম আৰু নিয়োগ মন্ত্ৰী বলৱন্ত সিংহ ৰাজপুতৰ সৈতে এক আলোচনাত মিলিত হয়। আলোচনাৰ সময়ত ড০ ঘনশ্যাম দাস ধানুকাই উত্তৰ-পূব আৰু গুজৰাটৰ মাজত বাণিজ্যিক আৰু ঔদ্যোগিক ক্ষেত্ৰখন কি দৰে অধিক শক্তিশালী কৰিব পৰা যায় তাৰ ওপৰত বহু কেইটা গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায়।

গুজৰাটৰ উদ্যোগ, অসামৰিক বিমান পৰিবহন, গ্ৰামোন্নয়ন, শ্ৰম আৰু নিয়োগ মন্ত্ৰী বলৱন্ত ৰাজপুতে গুজৰাট আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ঔদ্যোগিক খণ্ডত সামগ্ৰিক বিকাশৰ বাবে ড০ ঘনশ্যাম দাস
ধানুকাৰ ধাৰণা আৰু পৰামৰ্শক প্ৰশংসা কৰে। আনহাতে ২০২৪ ৰ ১০, ১১ আৰু ১২ জানুৱাৰীত গুজৰাটৰ গান্ধীনগৰত অনুষ্ঠিত হ’বলগীয়া দশম “ভাইব্ৰেণ্ট গুজৰাট গ্লোবেল ছামিট” ২০২৪ শীৰ্ষক অনুষ্ঠানত সমগ্ৰ বিশ্বৰ প্ৰখ্যাত উদ্যোগপতি, বিনিয়োগকাৰী, উদ্ভাৱক, কৰ্পোৰেট, নীতি আৰু মতামত নিৰ্মাতাৰ লগতে বিশিষ্ট কূটনীতিবিদে অংশগ্ৰহণ কৰিব।