ৰূপাংকৰ ভট্টাচাৰ্য

গুৱাহাটী : বৰদিন উপলক্ষে বিশ্বজুৰি উখল মাখল পৰিৱেশ। ক’ভিডসৃষ্ট পৰিৱেশৰ মাজতে খ্ৰীষ্টান ধৰ্মীয় লোক সকলে উদযাপন কৰিছে বৰদিন। বৰদিন উপলক্ষে সমগ্ৰ বিশ্বৰ লগতে অসমতো গীৰ্জা ঘৰ সমূহত দেখিবলৈ পোৱা গৈছে ৰাইজৰ সমাগম। পবিত্ৰ বৰদিনকলৈ জাতি-ধৰ্ম নিৰ্বিশেষে অসমবাসী ৰাইজৰ মাজত ব্যাপক উছাহ-উদ্দীপনা।

পিছে বৰদিন বুলি কলে সকলোৰে মনলৈ আহে এক বিশেষ চৰিত্ৰ। ৰঙা পোছাক পৰিধান কৰা বগা চুলি-দাড়ি থকা এই চৰিত্ৰটো হৈছে ছাণ্টা ক্লজ। বৰদিনৰ দিনা গীৰ্জা সমূহত শিশু সকলৰ মাজত এই ৰঙা পোছাক পৰিধান বগা চুলি-দাড়ি থকা ছাণ্টা ক্লজে মিঠাই বিতৰণ কৰে বাবে শিশু সকলৰ মাজত অধিক জনপ্ৰিয় ছাণ্টা ক্লজৰ চৰিত্ৰ।

পিছে এইবাৰ বৰদিন উপলক্ষে ছাণ্টা ক্লজ আহিছে অসম ৰাজ্যিক চিৰিয়াখানাত। চিৰিয়াখানাৰ জীৱ-জন্তুৰ মাজত ছাণ্টা ক্লজে বিতৰণ কৰিছে বৰদিনৰ উপহাৰ। ধুনীয়া ধুনীয়া পেকেটৰ ভিতৰত ছাণ্টা ক্লজে চিৰিয়াখানাৰ জীৱ-জন্তুৰ বাবে লৈ আহিছে উপহাৰ। গঁড়, ভালুক, শালিকা চৰাই, বান্দৰকে আদি কৰি চিৰিয়াখানাৰ জীৱ-জন্তু সমূহে এই ধুনীয়া ধুনীয়া পেকেটত ছাণ্টা ক্লজে আগবঢ়োৱা উপহাৰৰ টোপোলা সমূহ সাৱধানতাৰে খুলি চাইছে।

আচলতে এইবাৰ চিৰিয়াখানাৰ কর্তৃপক্ষই চিৰিয়াখানাৰ জীৱ-জন্তু সমূহৰ লগত উদযাপন কৰিছে পবিত্ৰ বৰদিন। বৰদিন উপলক্ষে চিৰিয়াখানাৰ বনকৰ্মীয়ে জীৱ-জন্তু সমূহক ধুনীয়া ধুনীয়া পেকেটত ভৰাই খবলৈ দিছে খাদ্য। বনকর্মী সকল বৰদিনৰ দিনা ছাণ্টা ক্লজ হৈ আহিছে চিৰিয়াখানা জীৱ-জন্তু সমূহৰ বাবে। ধুনীয়া ধুনীয়া পেকেটৰ ভিতৰত জীৱ-জন্তু সমূহক উপহাৰ হিচাপে দিছে বিভিন্ন খাদ্য।