কাগজ কলৰ কৰ্মচাৰী সকলৰ ভৱিষ্যনিধিৰ ধন মোকলাই দিয়াৰ নিৰ্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৬ এপ্ৰিল : কাগজ কলৰ কৰ্মচাৰী সকলৰ ভৱিষ্যনিধিৰ ধন মোকলাই দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ প্ৰদান কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে। ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে শুনানি গ্ৰহণ কৰি এসপ্তাহৰ ভিতৰত কাগজ কলৰ কৰ্মচাৰী সকলৰ ভৱিষ্যনিধিৰ ২০ শতাংশ ধন …

উপযুক্ত মূল্যত হেণ্ড ছেনিটাইজাৰ আৰু মাস্ক উপলব্ধ কৰোৱাৰ ব্যৱস্থা

গুৱাহাটী, সংবাদ ৩৬৫, ২৬ এপ্ৰিল : অসম তথা উত্তৰ পূৱৰ ৰাইজক উপযুক্ত মূল্যত হেণ্ড ছেনিটাইজাৰ আৰু মাস্ক যোগান ধৰাৰ উদ্দেশ্যে কেমিষ্ট এণ্ড ড্ৰাগিষ্টচ এছ’ছিয়েচন অফ আসাম’ ৰ ফলৰ পৰা গ্ৰহণ কৰা হৈছে এক বিশেষ পদক্ষেপ। ৰাইজৰ বাবে হেণ্ড ছেনিটাইজাৰ আৰু …

গাহৰিৰ অস্বাভাৱিক মৃত্যু : ৰাজ্যত নিষিদ্ধ গাহৰি মাংসৰ বিক্ৰী

গুৱাহাটী, সংবাদ ৩৬৫, ২৫ এপ্ৰিল : কভিড-১৯ কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ ফলত বিশ্বজুৰি লক্ষাধিক লোক মৃত্যুৰ মুখত পৰাৰ সময়তে ৰাজ্যৰ অস্বাভাৱিক হাৰত মৃত্যু ঘটিছে গাহৰিৰ। ৰাজ্যৰ কেইবাখনো জিলাত গাহৰিৰ অস্বাভাৱিক মৃত্যুৰ প্ৰতি লক্ষ্য ৰাখি শনিবাৰৰ পৰা নিষিদ্ধ কৰা হৈছে গাহৰি মাংসৰ …

লক ডাউনৰ মাজতে গৰাখহনীয়াই ভূতৰ ওপৰত দানব পৰা দি পৰিছে

বৰপেটা, সংবাদ ৩৬৫, ২৫ এপ্ৰিল : লক ডাউনৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভূতৰ ওপৰত দানব পৰা দি পৰিছে গৰাখহনীয়াই। বিশেষকৈ বৰপেটা জিলাৰ নৈপৰীয়া ৰাইজ এফালে তলাবন্ধৰ ফলত খাদ্যৰ বাবে সংগ্রাম কৰি থকাৰ মাজতে নৈপৰীয়া ৰাইজৰ বাবে অধিক সংকট কঢ়িয়াই আনিছে …

ইছলাম ধৰ্মাৱলম্বী লোক সকললৈ পবিত্ৰ ৰমজান মাহৰ শুভেচ্ছা জ্ঞাপন কৰিলে অসম গণ পৰিষদে

গুৱাহাটী, সংবাদ ৩৬৫, ২৪ এপ্ৰিল: পবিত্ৰ ৰমজান মাহ উপলক্ষে সমূহ ইছলাম ধৰ্মাৱলম্বী লোক সকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে অসম গণ পৰিষদ দলে। দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই পবিত্ৰ ৰমজান মাহে সকলো শ্ৰেণীৰ ৰাইজৰ মাজত সুখ-শান্তি আৰু ভাতৃত্ববোধ অক্ষুন্ন ৰাখিব বুলি …

চৰাইদেউত গ্ৰেপ্তাৰ আলফা (স্বাধীন) পাঁচজন সদস্য

চৰাইদেউ, সংবাদ ৩৬৫, ২৩ এপ্ৰিল : বুধবাৰে নিশা চৰাইদেউ জিলাৰ সাপেখাতী আৰক্ষী থানৰ অন্তৰ্গত চতিনাগুৰিৰ পৰা আৰক্ষীয়ে পাঁচজনকৈ আলফা (স্বাধীন)ৰ সদস্য গ্ৰেপ্তাৰ কৰে। গোপন খবৰৰ ভিত্তিত চতিনাগুৰিত অভিযান চলাই আৰক্ষী আৰু ২৪৪ ফিল্ড ৰেজিমেণ্টৰ সামৰিক বাহিনীয়ে পাঁচজন আলফা (স্বাধীন)ৰ সদস্যক …

ব্যক্তিগতখণ্ডৰ বিদ্যালয়সমূহলৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনা

গুৱাহাটী, সংবাদ ৩৬৫, ২২ এপ্ৰিল: কৰ’ণা ভাইৰাছৰ ফলত সমগ্ৰ বিশ্বতে চলি থকাৰ লক ডাউনৰ এই সময়ছোৱাত অসমৰ ব্যক্তিগতখণ্ডৰ বিদ্যালয়সমুহৰ ছাত্র-ছাত্ৰীসকলৰ ৫০% মাচুল ৰেহাই দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্যৰ স্বাস্থ্য তথা শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলৰ দৰমহা সম্পূৰ্ণৰূপে প্ৰদান কৰিবলৈও …

পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধিক লৈ এ আই ইউ ডি এফ আৰু কংগ্ৰেছৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, সংবাদ ৩৬৫, ২২ এপ্ৰিল: পেট্ৰল ডিজেলৰ মূল্যবৃদ্ধি পুনৰ বিবেচনা কৰিবলৈ অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক আহ্বান জনাইছে এ আই ইউ ডি এফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে৷ আনহাতে বিজেপি নেতৃত্বাধীন সোণোৱাল চৰকাৰৰ পেট্ৰল-ডিজেলৰ মূল্য বৃদ্ধিৰ সিদ্ধান্ত দূৰ্ভাগ্যজনক বুলি অভিহিত …

আৰক্ষী, সুৰক্ষা কৰ্মী আৰু সাংবাদিকক সম্বৰ্ধনা

গুৱাহাটী, সংবাদ ৩৬৫, ২১ এপ্ৰিল : বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা কভিড-১৯ কৰ’ণা ভাইৰাছ মহামাৰীৰ সংকটৰ সময়ত নিজ পৰিয়ালক ঘৰত এৰি কৰ্তব্যত নিয়োজিত হৈ থকা আৰক্ষী, সুৰক্ষা কৰ্মী আৰু সাংবাদিক সকলক ৰাজহুৱা ভাবে সম্বৰ্ধনা জঁনালে এদল যুৱক-যুৱতীয়ে। মহানগৰীৰ ক্ষেত্ৰী থানাৰ অধীনৰ …

ভাৰতত প্ৰতিদিনে বৃদ্ধি পাই আছে কভিড-১৯ কৰ’ণা ভাইৰাছত সংক্ৰমিত লোকৰ সংখ্যা

নিউজ ডেস্ক, সংবাদ ৩৬৫, ২১ এপ্ৰিল : বিশ্বৰ অন্যান্য কিছুমান দেশৰ সমান্তৰালে ভাৰততো প্ৰতিদিনে বৃদ্ধি পাই আছে কভিড-১৯ কৰ’ণা ভাইৰাছত সংক্ৰমিত লোকৰ সংখ্যা। ভাৰতত মাৰাত্মক কভিড-১৯ কৰ’ণা ভাইৰাছত সংক্ৰমিত লোকৰ সংখ্যা ১৮ হাজাৰ অতিক্ৰম কৰাৰ বিপৰীতে মৃত্যু হৈছে ৫৯০ গৰাকীকৈ …