বাইহাটা চাৰিআলিৰ কৰৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সমাৰোহ

বাইহাটা চাৰিআলিৰ পৰা নীলমণি দাস, সংবাদ ৩৬৫, ২০জানুৱাৰী: বাইহাটা চাৰিআলিৰ ঐতিহ্যমণ্ডিত কৰৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়খন ৰাজ্যৰ ভিতৰতে এখন লেখত লৱলগীয়া শিক্ষানুষ্ঠান। এই শিক্ষানুষ্ঠানখনিয়ে ১৫০ বছৰৰ দুৱাৰ দলিত সোমালেহি। সেই উদ্দেশ্যে বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসমূহে উদযাপন কৰে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ। ন-পুৰণি ছাত্ৰৰ …

আগন্তুক ৰাভা হাচং পৰিষদীয় নিৰ্বাচনৰ বাবে ভোটবৰ্জন ৰাণীৰ প্ৰায় ৯১৫ গৰাকী ভোটাৰৰ: ৰাভা হাচং স্বায়ত্ব পৰিষদৰ অধীনত অন্তৰ্ভুক্ত কৰিব খোজা ৰাণীৰ প্ৰায় ৮ খন গাঁৱৰ ৰাইজৰ ভোটবৰ্জনৰ হুংকাৰ

আজাৰা, সংবাদ ৩৬৫, ১৯ জানুৱাৰী: আগন্তুক ৰাভা হাচং পৰিষদীয় নিৰ্বাচনৰ বাবে নিৰ্বাচনী বতাহ বলিছে দক্ষিণ কামৰূপৰ লগতে মহানগৰৰ কিছু সংখ্যক স্থানত । ৰাভা হাছং স্বায়ত্ব শাসিত নিৰ্বাচনী দিন চমু চাপি অহাৰ লগতে ৰাভা হাছংৰ ভোট বৰ্জনৰ হুংকাৰ ৰাণীৰ পাটগাও-১, পাটগাও-২, …

ৰাণীত সদৌ অসম থাই বক্সিং চেম্পিয়নশ্বিপৰ শুভাৰম্ভ কৰে বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাই

আজাৰা, সংবাদ ৩৬৫, ১৯ জানুৱাৰী: পশ্চিম গুৱাহাটীৰ অসম-মেঘালয় সীমান্তৱৰ্তী ঐতিহাসিক বৃহত্তৰ ৰাণীত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব সদৌ অসম থাই বক্সিং চেম্পিয়নশ্বিপ-২০১৯। ১৮, ১৯ আৰু ২০ জানুৱাৰীত তিনিদিনীয়াকৈ ৰাণী উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’ব এই বক্সিং চেম্পিয়নশ্বিপ । “ৰাণী কোচিং চেণ্টাৰ” …

তামুলপুৰৰ কাউলীত বনৰীয়া হাতীৰ আক্ৰমণত আহত কিশোৰ

তামুলপুৰ, সংবাদ ৩৬৫, ১৯ জানুৱাৰী: বাক্সা জিলাৰ তামুলপুৰ মহকুমাত বিগত বহু দিনে অব্যাহত আছে হাতী মানুহৰ ভয়াবহ সংঘাত। শুকুৰবাৰে নিশা খাদ্যৰ সন্ধানত ভূটান পাহাৰৰ পৰা নামি অহা বন্য হস্তীৰ বৃহৎ জাক এটাই তামুলপুৰ মহকুমাৰ বৃহত্তৰ কাউলী অঞ্চলত প্ৰৱেশ কৰি এক …

চাংসাৰিত অবৈধ শিল, বালিসহ দুখন ডাম্পাৰ জব্দ

বাইহাটা চাৰিআলিৰ পৰা নীলমণি দাস, সংবাদ ৩৬৫, ১৯জানুৱাৰী: ক্ৰমাৎ অবৈধ বেহাৰ ৰমৰমীয়া ব্যৱসায়ে গা কৰি উঠিব ধৰিছে বাইহাটা চাৰিআলি অঞ্চলত। যোৱা ১৭জানুৱাৰীৰ নিশা প্ৰায় ১১.৩০ বজাত উত্তৰ কামৰূপ বন সংমণ্ডলৰ চিলা আঞ্চলিক বন বিষয়া ৰবীন বৈশ্যৰ নেতৃত্বত এটি বন বিষয়া …

ৰাণীত ৰাভা হাছংৰ পৰিষদীয় নিৰ্বাচনী প্ৰচাৰ যৌথ সংগ্ৰাম সমিতিৰ

আজাৰা, সংবাদ ৩৬৫, ১৯ জানুৱাৰী: সমাগত পৰিষদীয় নিৰ্বাচনক লৈ এতিয়া ৰাজ্যৰ পৰিষদীয় সমষ্টি সমুহত ৰাজনৈতিক দল , পৰিষদ সমুহক দেখা গৈছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলোৱা । অহা ২১ জানুৱাৰীত অনুষ্ঠিত হ’ব লগীয়া ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদীয় নিৰ্বাচনৰ বাবে পৰিষদৰ …

মইনবড়ীত আমি শান্তিৰে আছো- ৰণজিৎ অধিকাৰী : ‘সত্ৰ পুনঃ নিৰ্মান হ’লে সমস্ত খৰচ আৰু ভূমি দান কৰিব মুছলমান সমাজে: হিমন্ত বিশ্ব শৰ্মাক মইনবড়ীলৈ আহি সত্যৰ মুখামুখী হোৱাৰ বাবে প্ৰত্যাহ্বান জনায় ৰণজিৎ অধিকাৰীয়ে

কলগাছিয়া, সংবাদ ৩৬৫, ১৮ জানুৱাৰী: অসমৰ আগশাৰীৰ টিভি চেনেল(সংবাদ মাধ্যম) ডি ওৱাই ৩৬৫ত বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰৰ এক সাক্ষাৎকাৰ অনুষ্ঠানত মইনবড়ী সত্ৰ বংগমূলীয় মুছলমানৰ অত্যাচাৰৰ বাবে স্থানান্তৰিত হৈ সৰভোগত স্থাপন হোৱা বুলি মন্তব্য প্ৰদান কৰাৰ পিছতেই জাঙুৰ খাই …

বাইহাটা চাৰিআলিত জাতিধ্বংসী বিধেয়কৰ বিধেয়কৰ বিৰুদ্ধে অসম গণ পৰিষদ দলৰ তিনি শতাধিকৰো অধিক প্ৰতিবাদকাৰীৰ জোৰ সমদল

বাইহাটা চাৰিআলিৰ পৰা নীলমণি দাস, সংবাদ ৩৬৫, ১৮জানুৱাৰী: জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কখন অতি শীঘ্ৰে বাতিলৰ দাবীত শুকুৰবাৰে প্ৰায় তিনি শতাধিকৰো অধিক সমদলকাৰীয়ে হাতে হাতে জোৰ লৈ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ চাৰিওটা পথত বিভিন্ন শ্লোগান দি অঞ্চলটো উত্তাল কৰি তোলে। অসম …

সভ্য সমাজক লজ্জানত কৰা ঘটনাই চুই গৈছে কলাইগাঁও চহৰক: মুছলমান সম্প্ৰদায়ৰ লোকৰ ঘৰত ভাত খোৱাৰ বাবেই ৰাইজে চলালে মানসিক নিৰ্যাতন

ওদালগুৰি, সংবাদ ৩৬৫, ১৮ জানুৱাৰী: বৰ্তমান আধুনিক প্ৰযুক্তিবিদ্যাৰ দিনতো আমাৰ সমাজত জাতি-ধৰ্মৰ ভেদা-ভেদ আছে। জাতি-ধৰ্মৰ ভেদা-ভেদৰ বাবেই একাংশ লোকে এচামক নিৰ্যাতন চলাই গৈছে অথবা সমাজৰ এলাগী হৈ চলিব লগীয়া হৈছে। তাৰেই এক পুনৰাবৃত্তি ৰূপ পৰিলক্ষিত হ’ল ওদালগুৰি জিলাৰ কলাইগাঁৱ থানাৰ …

দলগাঁৱৰ খকজানী দৰবাৰ শ্বৰীফত আজিৰে পৰা ধৰ্মীয় সভাৰ আয়োজন

দৰঙ, সংবাদ ৩৬৫, ১৮ জানুৱাৰী: তিনিদিনীয়া কাৰ্যসূচীৰে শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে দৰঙ জিলাৰ খকজানী দৰবাৰ শ্বৰীফত ধৰ্মীয় সভা। জিলাখনৰ অন্তৰ্গত খকজানীস্থিত শ্বাহ ছুফি ছৈয়দ আব্দুল গণি খলিফা চাহাবৰ দৰবাৰত আয়োজন কৰা হৈছে এই ধৰ্মীয় সভা। দৰবাৰ শ্বৰীফৰ চাৰিওফালে ফুলৰ মালাৰে …