দিচৈ নৈৰ বিধ্বস্ত বাঁহৰ দলঙৰ পৰা পৰি যুৱক আহত

দেৰগাঁও, ৩০ নৱেম্বৰ: গত কংগ্ৰেছ চৰকাৰৰ উদাহীনতাত অস্থিৰ হৈ বিকল্প হিচাপে জনসাধাৰণে বিজেপি চৰকাৰক শাসনৰ গাদিত বহুৱালে যদিও অতদিনে গোলাঘাট জিলাৰ বৃহত্তৰ ব্ৰহ্মপুত্র অঞ্চলটোত পৰিৱৰ্তনকামী চৰকাৰৰ কোনো এখন ফলপ্ৰসূৰ আঁচনিয়ে ঢুকি নাপালে। উল্লেখ্য যে, যাতায়াত ব্যৱস্থাটোৱে ৰাইজৰ উন্নয়নত বৰঙনি আগবঢ়ায় যদিও …

বালিজানত শিক্ষকৰ বিদায়ী সভা

মুৰফুলনি, ৩০ নৱেম্বৰ: গোলাঘাট জিলাৰ মুৰফুলনিৰ সমীপৰ বালিজান শংকৰজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত আজি এখনি বিদায়ী সভা অনুষ্ঠিত হৈ যায়। ১৯৮৯ চনৰ পৰা বিদ্যালয়খনত কৰ্মৰত বিজ্ঞান বিষয়ৰ শিক্ষক ত্ৰিলোচন গগৈৰ আজি চাকৰি জীৱনৰ অন্তিম দিন হিচাপে আয়োজন কৰা …

ধুবুৰীৰ কুন্তিৰচৰত মাৰণাস্ত্ৰ সহ এজনক গ্ৰেপ্তাৰ

ধুবুৰী, ৩০ নৱেম্বৰ: আজি পুৱতি নিশা সেনা আৰু ধুবুৰী আৰক্ষীৰ এটি দলে অভিযান চলাই ধুবুৰী সদৰ আৰক্ষী থানাৰ অন্তৰ্গত কুন্তিৰচৰত হাসেম আলী (৪৫) নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰে। লগতে তেওঁৰ পৰা সেনা আৰু আৰক্ষীৰ দলটোৱে এটা হস্ত নিৰ্মিত পিষ্টল আৰু …

উত্তপ্ত সোণাৰি, চৰাইদেউ উপায়ুক্ত কাৰ্যালয় ঘেৰাও

সোণাৰি, ৩০ নৱেম্বৰ: গ্ৰেটাৰ নাগালিম চুক্তি ফ্ৰেমৱৰ্ক ৰাজহুৱা কৰাৰ দাবীত ক্ৰমাৎ উত্তপ্ত হৈ পৰিছে সোণাৰি। গ্ৰেটাৰ নাগালিমৰ তীব্ৰ বিৰোধিতা কৰি আদিবাসী সুৰক্ষা সমিতিৰ উদ্যোগত কৃষক মুক্তি সংগ্ৰাম সমিতি, আদিবাসী ছাত্ৰ সন্থা আৰু আটছাই চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয় ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ …

ৰঙিয়া আৰক্ষীৰ জালত গভাইত চোৰ

ৰঙিয়া, ৩০ নৱেম্বৰ: ৰঙিয়া আৰক্ষীয়ে আটক কৰিলে এক গভাইত চোৰ । দীৰ্ঘদিন ধৰি মানুহৰ ঘৰৰ পৰা মূল্যৱান সামগ্ৰী চুৰি কৰি আহিছিল। অৱশেষত আৰক্ষীৰ জালত পৰিল ৰঙিয়া কাছাৰী শৌলমাৰীৰ চামনুৰ আলী। ৰঙিয়া অঞ্চলৰ ৰেষ, খাতেল পাৰাৰ ধীৰাজ লাহেৰী নামৰ ব্যক্তি এজনৰ ঘৰৰ …

মুৰফুলনিত বৰ্তমানেও অব্যাহত হাতীৰ উপদ্ৰৱ

মুৰফুলনি, ২৯ নৱেম্বৰ: গোলাঘাট জিলাৰ মুৰফুলনি সমীপৰ উল্টাজানত যোৱানিশা এজাক বন্যহস্তীয়ে উপদ্ৰৱ চলাই দুটাকৈ বাসগৃহ সম্পূৰ্ণৰূপে ভাঙি পেলায়। জানিব পৰা মতে, যোৱানিশা ১২ মান বজাত নামবৰ বনাঞ্চলৰ ফালৰ পৰা অহা হাতীজাকে উল্টাজানৰ ললিত গগৈ আৰু অজিত তামুলী নামৰ ব্যক্তি দুজনৰ …

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰ জিলিকিল অসম সন্তান

মিৰ্জাৰ পৰা অজয় দাস, ২৯ নৱেম্বৰ: অংকুশিতাই অসমৰ সুনাম কঢ়িওৱাৰ লগতে আন এক অসম সন্তানে অসমৰ লগতে তেওঁ ভাৰতবৰ্ষৰো সুনাম কঢ়িয়াই সন্মান বুটলিবলৈ সক্ষম হৈছে। ছুইজাৰলেণ্ডত হোৱা ডব্লিউ এফ এফ মিঃ এচিয়া পেচিফিক প্ৰ’/ এম চেম্পিয়নশ্বিপত  ২৭ খন দেশৰ প্ৰায় …

টিংখাঙৰ ৰাজগড়ত কৃষক মুক্তিৰ উত্তাল প্ৰতিবাদ: মুখ্যমন্ত্রীৰ প্ৰতিকৃতি দাহ

টিংখাং, ২৯ নৱেম্বৰ: টিংখাঙৰ ৰাজগড়ত আজি কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় যুটীয়া সম্পাদক ধৈৰ্য কোঁৱৰে গণমুক্তি সংগ্ৰাম সমিতিৰ আহ্বায়ক বেদান্ত লষ্কৰ আৰু সৰ্বক্ষণ কৰ্মী গোপী শইকীয়াৰ মুক্তিৰ দাবীত এই …

জখলাবন্ধা আৰক্ষীৰ জালত দুই দুৰ্ধৰ্ষ চোৰাং চিকাৰী

কলিয়াবৰ, ২৯ নৱেম্বৰ: জখলাবন্ধা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দেবেন বৰাৰ নেতৃত্বত আৰক্ষীৰ এটি দলে নিশা অভিযান চলাই নগাঁও জিলাৰ কঠিয়াতলিৰ ২নং কাৱৈমাৰি গাঁৱৰ পৰা মঃ জাকিৰ হুছেইন আৰু বাগৰিৰ পৰা মঃ ফাৰুক আলি নামৰ দুজন চোৰাং চিকাৰী আটক কৰে৷ …

ডুমডুমাত আলফা(স্বাঃ) সদস্য হিৰণ্য অসমক গ্ৰেপ্তাৰ

কাকপথাৰ, ২৯ নৱেম্বৰ: তিনিচুকীয়া জিলাৰ বিভিন্ন ব্যৱসায়ীক প্ৰতিষ্ঠানৰ লগতে বিভিন্ন ব্যক্তিক ধন দাবী কৰি সন্ত্ৰাস সৃষ্টি কৰি অহা দুৰ্ধষ আলফা(স্বা) সদস্য হিৰণ্য অসমক কালি ডুমডুমাত গ্ৰেপ্তাৰ কৰে৷ ভাৰতীয় সেনা, তিনিচুকীয়া আৰক্ষী আৰু ডুমডুমা আৰক্ষীৰ যুটীয়া অভিযানত সদস্য গৰাকীক গ্ৰেপ্তাৰ কৰা …