গুৱাহাটীত পথ সুৰক্ষা সজাগতা কাৰ্য্যসূচী মুকলি

গুৱাহাটী, ৩১ আগষ্টঃ কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়াৰ কাৰ্য্যালয়ৰ উদ্যোগত আজিৰে পৰা গুৱাহাটীৰ বিদ্যালয়সমূহত পথ সুৰক্ষা সজাগতা কাৰ্য্যসূচীৰ মুকলি কৰা হৈছে৷ গুৱাহাটীৰ পানবজাৰস্থিত ডনবস্ক স্কুলত কামৰূপ মহানগৰ জিলাৰ উন্নয়ন আয়ুক্ত বৰ্ণালী শৰ্মাই পথ সুৰক্ষা সজাগতা কাৰ্য্যসূচীৰ মুকলি কৰে৷ ডনবস্ক স্কুলৰ …

অসম সচিবালয়ত অগ্নিকাণ্ড

গুৱাহাটী, ৩১ আগষ্টঃ অসম সচিবালয়ৰ এফ ব্লকত এক ভয়াবহ অগ্নিকাণ্ড সংঘটিত হয়৷ অগ্নিকাণ্ডত প্ৰথম মহলাত থকা বিত্ত বিভাগৰ কাৰ্যালয়ৰ বহু গুৰুত্বপূৰ্ণ নথি-পত্ৰ জুইত জাহ যায়৷ অগ্নিনিৰ্বাপক বাহিনীৰ তিনিখন গাড়ীৰে দুই নিৰ্বাপন কৰা হয়৷ অগ্নিকাণ্ড আৰু অগ্নিনিৰ্বাপন বাহিনীৰ পানীয়ে কাৰ্য্যালয়ৰ কম্পিউটাৰ …

দক্ষিণ শালমাৰাত চোৰাং গৰু ব্যৱসায়ী আটক

দক্ষিণ শালমাৰা, ৩১ আগষ্টঃ দক্ষিণ শালমাৰা আৰক্ষীয়ে অভিযান চলাই এজন চোৰাং গৰু ব্যৱসায়ীক আটক কৰে৷ আটকাধীন গৰু ব্যৱসায়ীজন হাৱালা ফুলবৰ আলি বুলি জানিব পৰা গৈছে৷ আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে, হাৱালা ফুলবৰ আলি বাংলাদেশত গৰুৰ চোৰাং বেহাত জড়িত আছিল৷ দক্ষিণ …

১৬ বছৰে বন্দীত্বৰ জীৱন অতিবাহিত কৰা এগৰাকী ১৮ বছৰীয়া কিশোৰী

ৰঙিয়া, ৩১ আগষ্টঃ ৰঙিয়াৰ দৰিদ্ৰ পৰিয়াল এগৰাকী ১৮ বছৰীয়া কিশোৰীয়ে ১৬ বছৰে বন্দীত্বৰ জীৱন অতিবাহিত কৰিবলগীয়া হৈছে। বিশেষভাৱে সক্ষম কিশোৰীগৰাকীক আৰ্থিক দীনতাৰ বাবে উপযুক্ত চিকিৎসাৰ অভাৱত পৰিয়ালৰ লোকে কয়দীৰ দৰে বন্দী কৰি ৰাখিবলৈ বাধ্য হৈছে৷ প্ৰাপ্ত তথ্য মতে, ৰঙিয়াৰ অন্তৰ্গত …

বাঘমাৰাত নাৰীদেহ ব্যৱসায়ী চক্ৰ উৎখাতঃ মহিলাসহ আটক-৬

সোণতলী, ৩১ আগষ্টঃ দক্ষিণ কামৰূপৰ ছয়গাওঁ বিধানসভা সমষ্টিৰ জোৰশিমুলী আৰক্ষী চকীৰ অন্তৰ্গত বাঘমাৰাত নিশা টহলদাৰী গাওঁৰক্ষী বাহিনীৰ দলে আৰক্ষীৰ সহযোগত নাৰীদেহ ব্যৱসায়ী চক্ৰ এটাক উৎখাত কৰে৷ আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীৰ দলটোৱে যুটীয়ভাৱে অভিযান চলাই বাঘমাৰাৰ প্ৰয়াত কামাল উদ্দিনৰ পত্নী ছুফিয়া খাতুন …

অসমীয়া শিখ অধ্যুষিত অঞ্চল ভ্ৰমণ দিল্লীৰ বিধায়ক মনজিন্দৰ সিং চিৰাচাৰ

গুৱাহাটী, ৩০ আগষ্টঃ দিল্লীৰ শিখ গুৰুদ্বাৰ পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক তথা দিল্লীৰ আকালি দলৰ বিধায়ক মনজিন্দৰ সিং চিৰাচাই অসমীয়া শিখসকলৰ অধ্যুষিত অঞ্চল বৰকলা পৰিভ্ৰমণ কৰি তেওঁলোকৰ সমস্যাৰ খতিয়ান লয়৷ দিল্লীৰ বিধায়ক চিৰচাই অসমত শিখ সম্প্রদায়ৰ ২০০ বছৰীয়া ইতিহাসৰ কথা উল্লেখ …

 আশাৰ উদ্যোগত কলগছিয়াত মিচেছ ইউনাইটেড নেচনছ ৰশ্নি হাছানৰ বান সাহাৰ্য্য বিতৰণ

কলগাছিয়া, ৩০ আগষ্টঃ বৰপেটাৰ কলগাছিয়াৰ খাৰবাল্লীত বান সাহাৰ্য্য বিতৰণৰ বাবে উপস্থিত হয় অসম গৌৰৱ তথা ২০১৭ৰ মিচেছ ইউনাইটেড নেচনছ ৰশ্নি হাছান। আশা নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত মিচেছ ইউনাইটেড নেচনছ ৰশ্নি হাছানে বান আৰু খহনীয়াত বিধস্ত খাৰবাল্লীৰ দুই শতাধিক পৰিয়ালৰ ক্ষয় ক্ষতিৰ বুজ …

কলগাছিয়াত অন্ধবিশ্বাস, কু সংস্কাৰৰ বিৰুদ্ধে অসম বিজ্ঞান সমিতিৰ সজাগতা সভা

কলগাছিয়া, ৩০ আগষ্টঃ অসম চৰকাৰৰ বিজ্ঞান প্ৰযুক্তি বিভাগৰ সৌজন্যত আৰু অসম বিজ্ঞান সমিতিৰ কলগাছিয়া শাখা আৰু হেল্পলাইন ফাউণ্ডেচনৰ যৌথ উদ্যোগত বৰপেটাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত লাচাঙ্গা জাতীয় বিদ্যালয়ৰ প্ৰাঙ্গণত অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে এখন সজাগতা সভা অনুষ্ঠিত হয়। নৱজ্যোতি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহযোগী …

বাঘবৰত বিস্ফোৰক সামগ্ৰীসহ আটক পাঁচ দুধৰ্ষ অপৰাধী

বাঘবৰ ২৯ আগষ্টঃ বৰপেটাৰ বাঘবৰ আৰু আলোপতি আৰক্ষী থানাৰ অন্তৰ্গত বাঘবৰ চৰাঞ্চলত দীৰ্ঘদিন ধৰি হস্তনিৰ্মিত অস্ত্ৰৰে সন্ত্ৰাসৰ সৃষ্টি কৰি অহা পাঁচজনীয়া দুষ্টচক্ৰক স্থানীয় লোকে আটক কৰে৷ প্ৰাপ্ত তথ্য মতে, চক্ৰটোৰ চেকান্দাৰ আলী, ৰফিকুল ইছলাম, মান্নাফ আলী, কমল উদ্দিন আৰু আব্দুল বাতেনক …

শ্ৰীশ্ৰী ফুলবাৰী সত্ৰ এডুকেশ্যনেল ছচাইটিৰ উদ্যোগত দয়ানন্দ পাঠকলৈ সপ্তম চম্পাৱতী বঁটা

গুৱাহাটী, ২৯ আগষ্টঃ নগাঁৱৰ ননৈ পাৰৰ ঐতিহ্যমণ্ডিত সত্রানুষ্ঠান শ্ৰীশ্ৰী ফুলবাৰী সত্ৰ আৰু কাৰিকৰী শিক্ষাৰ অগ্রণী প্রতিষ্ঠান জিআইটিয়ে বিশিষ্ট শিক্ষাবিদ, গৱেষক ড° দয়ানন্দ পাঠকক তৰুণ চন্দ্ৰ গোস্বামী চম্পাৱতী বঁটা ২০১৭ৰ প্ৰদান কৰিব৷ উল্লেখ্য যে, শ্ৰীশ্ৰী ফুলবাৰী সত্ৰ আৰু কাৰিকৰী শিক্ষাৰ অগ্রণী …