শংকৰৰ মৃত্যুৱে কালনিশা নমাই আনিলে এটা দৰিদ্ৰ পৰিয়াললৈ 

কলগাছিয়া, ৯ অক্টোবৰঃ মহানগৰীৰৰ জালুকবাৰী সমীপবৰ্তী ধাৰাপুৰত নিশা সংঘটিত এক পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰ শিশুসহ তিনিজন লোক নিহত হোৱা ঘটনাই অঞ্চলজুৰি শোকাকুল পৰিবেশৰ সৃষ্টি কৰিছে। নিহত তিনিজন ক্ৰমে শংকৰ মেধি (৩৫), শংকৰ পত্নী কাবেৰী মেধি (২৬)আৰু জীয়ৰী তৰালি মেধি (৩)৷ প্ৰাপ্ত তথ্য মতে,  গোৱালপাৰাৰ মৰনৈৰ নিবাসী তথা বৰ্তমান …

সোণতলীত পুখুৰীত চাউল উদ্ধাৰঃ অঞ্চলজুৰি চাঞ্চল্য

সোণতলী, ৯ অক্টোবৰঃ দক্ষিণ কামৰূপৰ বকো বিধানসভাৰ অন্তৰ্গত ছমৰীয়া খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ অধীনস্থ ৰাংগাপানী মজলীয়া বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ চাউল এটা পুখুৰীৰ পৰা উদ্ধাৰ হোৱা ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ প্ৰাপ্ত পৰা মতে, ৰাংগাপানী মজলীয়া …

জননী শাখাৰ কবি সন্মিলন

গুৱাহাটী, ৯ অক্টোবৰঃ চানমাৰীৰ নিৰাময় ভৱনত জননী শাখা কবি সন্মিলনৰ উদ্যোগত এখনি কবি সন্মিলন অনুষ্ঠিত হয়৷ কবি সন্মিলনৰ বন্তি বীৰজা হাজৰিকাই প্ৰজ্বলন কৰাৰ পিছতে সন্মিলনৰ উদ্দেশ্যে বাখ্যা কৰে সম্পাদক মঞ্জুলা বেগমে। গীতাঞ্জলী বৰা বৰদলৈয়ে কবি সন্মিলনখন সভাপতিত্বত কৰে৷ সন্মিলনত চন্দাদেৱী …

গৰৈমাৰীত অগপৰ গণ সজাগতা সভাঃ টাৰ্গেট পঞ্চায়ত নিৰ্বাচন

সোণতলী, ৯ অক্টোবৰঃ কংগ্ৰেছে মিছা প্ৰলোভনেৰে ধৰ্মীয় সংখ্যালঘুৰ ভোট কাঢ়ি নিয়া গভীৰ ষড়যন্ত্ৰ চলাইছে৷ এই মন্তব্য অগপৰ কেন্দ্ৰীয় নেতা তথা হাজোৰ প্ৰাক্তন বিধায়ক নুৰুল হুছেইনৰ৷ বিগত কিছুদিন ধৰি নামনি অসমৰ বিভিন্ন প্ৰান্তত ডি ভোটাৰ আৰু ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ নামত সৰ্বসাধাৰণ …

যোৰহাটত অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ প্ৰতিবাদ

যোৰহাট, ৯ অক্টোবৰঃ অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থা যোৰহাট জিলা সমিতিয়ে ৮দফীয়া দাবীত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। অংগনৱাড়ী কৰ্মী আৰু সহায়িকা সন্থাই জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখৰ ঘাইপথ অৱৰোধ কৰি উত্তাল পৰিবেশ সৃষ্টি কৰে৷ সন্থাই …

বিশিষ্ট সাংবাদিক বলেন বৰাৰ মৃত্যু

গুৱাহাটী, ৯ অক্টোবৰঃ নগাঁৱৰ বিশিষ্ট সাংবাদিক বলেন বৰাই আমোলাপট্টিৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে৷ বলেন বৰা দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ আছিল৷ বৰাই দৈনিক অসম কাকতৰ নগাঁও জিলাৰ স্থানীয় সংবাদদাতাৰ লগতে নগাঁৱৰ জনপ্ৰিয় সাপ্তাহিক কাকত কলংপাৰৰো সম্পাদক আছিল৷ …

চুম্ হুম্ লিক্ লাই লে ফিঙ্ ঙে ত্তাঈ বৰহাট আঞ্চলিক সমিতি গঠন

বৰহাট, ৯ অক্টোবৰঃ চৰাইদেউৰ বৰহাটৰ লেচাই সমন্বয় ক্ষেত্ৰৰ বৰহাট ৰাজহুৱা প্ৰেক্ষাগৃহত চুম্ হুম্ লিক্ লাই লে ফিঙ্ ঙে ত্তাঈ বৰহাট আঞ্চলিক সমিতিখন গঠন কৰা হয়৷ চুম্ হুম্ লিক্ লাই লে ফিঙ্ ঙে ত্তাঈৰ কাৰ্যকৰী সভাপতি নৱজ্যোতি খনিকৰৰ পৌৰাহিত্যত সমিতিৰ জৰুৰীকালীন …

দ্বাৰকুছিৰ লাছিত গড়কাপ্টানী বিভাগৰ সলনি জনতাৰ দলং নিৰ্মাণ

ৰঙিয়া, ৮ অক্টোবৰঃ ৰঙিয়াত বৰলীয়া নৈৰ ওপৰত শতাধিক স্থানীয় লোকে শ্ৰমদান কৰি বাঁহৰ দলং নিৰ্মাণৰ কাম আৰম্ভ কৰে। প্ৰাপ্ত তথ্য মতে, ৰঙিয়া আৰু তামুলপুৰ বিধানসভা সমষ্টিৰ সীমান্তৱৰ্তী দ্বাৰকুছিৰ লাছিত যাতায়তৰ সুবিধাৰ বাবে বাঁহৰ দলং নিৰ্মাণৰ কাম আৰম্ভ কৰে। প্ৰায় ২০ বছৰ পূৰ্বে উক্ত …

কলহীকাষৰ ৪০ জন লোকলৈ বাংলাদেশীৰ জাননী প্ৰেৰণঃ অঞ্চলজুৰি চাঞ্চল্য 

সোণতলী, ৮ অক্টোবৰঃ দক্ষিণ কামৰূপৰ বকো থানাৰ অন্তৰ্গত কলহীকাষলৈ কামৰূপ জিলা আৰক্ষীয়ে প্ৰেৰণ কৰিছে এখনৰ পিছত আনখন জাননী৷ প্ৰাক্তন ভাৰতীয় সেনা বিষয়া তথা কলহীকাষৰ বাসিন্দা আজমল হকলৈ জিলা আৰক্ষীয়ে বিদেশীৰ জাননী প্ৰেৰণ কৰি ডিজিপি মুকেশ সাহায়ে ক্ষমা খোজাৰ পিছত পুনৰ কলহীকাষৰ আন ৪০ জন লোকলৈ …

বিয়াৰ প্ৰস্তুতিৰ কথা পাতিবলৈ আহি নিহত পিতৃ, সংকটজনক অৱস্থাত কন্যা

মিৰ্জা, ৮ অক্টোবৰঃ দক্ষিণ কামৰূপৰ বঙৰাত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। বাছ আৰু ৱেগনাৰৰ মুখামুখী সংঘৰ্ষত ৱেগনাৰৰ চালকসহ এজন লোক থিতাতে নিহত হোৱাৰ লগতে বাছৰ যাত্ৰীসহ ৫জন লোক গুৰুতৰ ভাবে আহত হয়। প্ৰাপ্ত তথ্য মতে, ধুবুৰীৰ পৰা গুৱাহাটী অভিমুখী আহি থকা …