সৰভোগত সন্দেহযুক্ত বাংলাদেশী আটক

সৰভোগ, ১৫ জুনঃ বৰপেটা জিলাৰ সৰভোগ থানাৰ অন্তৰ্গত নুনতোলা জামাই চৰৰ পৰা আৰক্ষীয়ে এজন সন্দেহযুক্ত বাংলাদেশীক আটক কৰে। প্ৰাপ্ত তথ্য অনুসৰি, আটকাধীন সন্দেহযুক্ত বাংলাদেশীজন দিদাৰ মণ্ডলৰ পুত্ৰ জচিম মণ্ডল (৩৫)। জচিম মণ্ডল বাংলাদেশৰ জেনাইদহ জিলাৰ কাৰপাৰা গাঁৱৰ বাসিন্দা৷ তেওঁ কেইদিনমান …

দক্ষিণ কামৰূপত সক্ৰিয় নাৰীদেহ ব্যৱসায়ী চক্ৰ

সোণতলী, ১৫ জুনঃ গ্ৰামাঞ্চলৰ সাধাৰণ খাটি খোৱা সহজ সৰল লোকৰ পৰিয়ালত জন্মগ্ৰহণ কৰা কিশোৰী তথা যুৱতী নাৰীদেহ ব্যৱসায়ী চক্ৰৰ কৱলত পৰাটো নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে৷ ৰাজ্যৰ বিভিন্ন এলেকাৰ গ্ৰামাঞ্চলৰ পৰা নাৰীদেহ ব্যৱসায়ী চক্ৰই বিয়াৰ প্ৰলোভন অথবা কৰ্মসংস্থাপন দিয়াৰ নামত যুৱতী-কিশোৰীক …

তৰণী পানী যোগান আঁচনিৰ কাৰ্যালয়ত তলা

ৰঙিয়া, ১৫ জুনঃ ৰঙিয়াৰ তৰণীত বিকল হৈ থকা পানী যোগান আঁচনিখন শীঘ্ৰে কাৰ্যক্ষম কৰাৰ দাবীত স্থানীয় ৰাইজে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে৷ দীৰ্ঘদিন ধৰি পানী যোগান আঁচনিখন কাৰ্যক্ষম কৰাৰ বাবে স্থানীয় ৰাইজে দাবী উত্থাপন কৰি অহাৰ পিছতো বিভাগটোৱে বিহিত ব্যৱস্থা গ্ৰহণ …

গুৱাহাটীত আন্তঃৰাষ্ট্ৰীয় ফিডে দবা ৰেটিং প্ৰতিযোগিতাৰ আয়োজন

গুৱাহাটী, ১৫ জুনঃ সৰ্বভাৰতীয় দবা ফেডাৰেছনৰ স্বীকৃতিপ্ৰাপ্ত গুৱাহাটী দবা সন্থাই মহানগৰীত আন্তঃৰাষ্ট্ৰীয় ফিডে দবা ৰেটিং প্ৰতিযোগিতাৰ আয়োজন কৰিছে৷ অহা ১২ জুলাইৰ পৰা ১৬ জুলাইলৈ অনুষ্ঠিত হ’বলগীয়া দবা প্ৰতিযোগিতাখনত মুঠ প্ৰাইজমানিৰ পৰিমান ৩.২০ লাখ৷ বহিঃৰাজ্যৰ কেইবাজনো শীৰ্ষ খেলুৱৈয়ে প্ৰতিযোগিতাত যোগদান কৰাটো নিশ্চিত …

চৰাইদেউত ৰেলৰ দলঙেৰে বিদ্যালয়লৈ বিপদসংকুল যাতায়ত শিক্ষাগুৰু-শিক্ষাৰ্থীৰ

বৰহাট, ১৫ জুনঃ চৰাইদেউৰ সোণাৰি সমষ্টিৰ সাপেখাতি শিক্ষা খণ্ডৰ অন্তৰ্গত নকছাৰী নিম্ন প্ৰাথমিক বিদ্যালয়লৈ যোৱাৰ সুচল পথ নথকাত অঞ্চলবাসীয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে৷ শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰীয়ে বিগত কেবাবছৰ ধৰি ৰেল লাইনৰ লগতে ৰেল দলঙৰ তলেৰে বিপদজনক ভাবে বিদ্যালয়লৈ যাতায়ত কৰিছে৷ …

নলবাৰীত সবকা সাথ সবকা বিকাশ

নলবাৰী ১৪ জুনঃ কেন্দ্ৰত বিজেপি চৰকাৰৰ তৃতীয় বৰ্ষপূৰ্তি উপলক্ষে জিলা প্ৰশাসন আৰু অইল ইণ্ডিয়া লিমিটেডৰ উদ্যোগত নলবাৰীত সবকা সাথ সবকা বিকাশ অনুষ্ঠানৰ আয়োজন কৰা হয়। নলবাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত অনুষ্ঠিত অনুষ্ঠানটোত অসম চৰকাৰৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, সাংসদ ৰমেন …

মহানগৰীত গোবৰৰ বানপানী

গুৱাহাটী, ১৪ জুনঃ এফালে কৃত্ৰিম বানৰ সংহাৰী ৰূপ, আনফালে ভূমিস্খলনৰ আতংক৷ ইয়াৰ মাজতে গোৱৰৰ বানপানীয়ে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে খানাপাৰাৰ কৃষ্ণ জ্যোতি মিলন নগৰত৷ মঙলবাৰে প্ৰৱল বৃষ্টিপাতে গুৱাহাটীৰ জনজীৱন ব্যাহত কৰাৰ সময়তে আঠমাইলত পাহাৰৰ পৰা বৰষুণৰ পানীয়ে কঢ়িয়াই অনা গোবৰে কাষৰীয়া …

ৰঙিয়াত শিশু শ্ৰমিক উদ্ধাৰ

ৰঙিয়া, ১৪ জুনঃ শিশু শ্ৰমিক দিৱস উদযাপনৰ মাত্ৰ এটা দিনৰ পিছতেই ৰঙিয়া উদ্ধাৰ হয় এটা শিশু শ্ৰমিক৷ মালিকৰ অকথ্য শাৰিৰীক নিৰ্যাতন সহ্য কৰিব নোৱাৰি ঘৰৰ পৰা পলায়ন কৰোতেই ৰঙিয়াত চিআৰপিএফে উদ্ধাৰ কৰে আঠ বছৰীয়া শিশুটোক৷ বিশ্বনাথ চাৰিআলিৰ এখন চাহ-বাগিছাৰ জন …

বতৰৰ ওপৰত নিৰ্ভৰ কৰি পাঠদান চলা এখন বিদ্যালয়

ৰঙিয়া, ১৪ জুনঃ ৰঙিয়াৰ মাজ-মজিয়াত থকা এখন চৰকাৰী বিদ্যালয়৷ ১৯৭২চনত স্থাপিত হোৱা বিদ্যালয়খনৰ নাম শ্ৰী মন্ত শংকৰদেৱ শিশু বিদ্যালয়৷ ৰঙিয়া শিক্ষাখণ্ডৰ অন্তৰ্গত এই বিদ্যালয়খনত আছে কিছুমান আজৱ নিয়ম৷ বতৰৰ ওপৰত নিৰ্ভৰ কৰে বিদ্যালয়খনৰ পাঠদান প্ৰক্ৰিয়া৷ হাবি জংগলৰ মাজত থকা বিদ্যালয়খনৰ …

ৰাঙাপাৰাত বনৰীয়া হাতীৰ সন্ত্ৰাস

ৰাঙাপাৰা, ১৪ জুনঃ শোণিতপুৰৰ বালিপৰা অন্তৰ্গত ৰাঙাপাৰাত ক্ৰমান্বয়ে দিনক-দিনে বৃদ্ধি পাবলৈ ধৰিছে বনৰীয়া হাতীৰ সন্ত্ৰাস। বনৰীয়া হাতীৰ উপদ্ৰৱত অঞ্চলবাসীয়ে উজাগৰী নিশা কটাবলগীয়া হৈছে৷ যোৱা নিশা খাদ্যৰ সন্ধানত নামি অহা এজাক বনৰীয়া হাতীয়ে ৰাঙাপাৰাৰ কলাবিলত প্ৰৱেশ কৰি ব্যাপক ক্ষতি সাধন কৰে৷ গাঁওখনৰ …