গুৱাহাটী, সংবাদ ৩৬৫, ৪ অক্টোবৰ : দুৰ্গা পূজাৰ বাবে মহানগৰীৰ ৰাজপথক লৈ নতুন নিৰ্দেশনা জাৰি কৰিছে মহানগৰ যান বাহন আৰক্ষীয়ে । সংবাদমেল যোগে এই কথা সদৰী কৰে যান-বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত প্রশান্ত শইকীয়াই ।

৫ অক্টোবৰৰ পৰা ৮ অক্টোবৰলৈ পুৱতি নিশা ৪ বজাৰ পৰা ৭ ভিতৰত হে মহানগৰীত গধুৰ বাহন প্ৰৱেশ কৰিব পাৰিব।

জু-ৰোডৰ পৰা গণেশ মন্দিৰলৈ সকলো যান-বাহনৰ চলাচল বন্ধ থাকিব।

পল্টনবজাৰ থানাৰ অন্তৰ্গত এ. কে. আজাদ ৰোডস্থিত নেপালী মন্দিৰৰ পৰা চাৰাভাটিলৈকে ন’ এন্ট্ৰি থাকিব।

পাণবজাৰৰ এম এছ ৰোডত থাকিব ন’ এন্ট্ৰী ।ভৰলুমুখৰ পৰা শান্তিপুৰলৈ ন’ পাৰ্কিং ।

জালুকবাৰী থানাৰ অন্তৰ্গত মালিগাওঁ চাৰিআলিৰ পৰা পাণ্ডুলৈকে পূজাৰ দিন কেইটাত থাকিব ন’ এন্ট্ৰি।

বশিষ্ঠ থানাৰ অন্তৰ্গত জয়ানগৰ চাৰিআলিৰ পৰা বেলতলা চাৰিআলিৰ মাজৰ পথছোৱাত থাকিব ন’ এন্ট্ৰি।

পুজা মণ্ডপৰ পৰা ৫০০ মিটাৰ আঁতৰলৈকে কোনোধৰণৰ বাহন পাৰ্কিং কৰিব নোৱাৰিব।

আয়ুৰ্বেদিক কলেজৰ পৰা পাঞ্জাবাৰীলৈকে যোৱা বাছসমূহ চান্দমাৰী, নুনমাটি, নাৰেংগী, পাথৰকোঁৱেৰী, ছয়মাইল হৈ যাব। যোৰাবাটৰ পৰা কাছাৰী যোৱা বাছসমূহ নুনমাটি, চান্দমাৰী হৈ কাছাৰীলৈ যাব।