গুৱাহাটী, সংবাদ ৩৬৫, ১৬ ডিচেম্বৰ : পুনৰ ২৪ ঘণ্টাৰ বাবে ইণ্টাৰনেট সেৱা বন্ধ ঘোষণা কৰা হৈছে। মঙলবাৰৰ নিশা ৭ বজা পৰ্যন্ত বন্ধ থাকিব ইণ্টাৰনেট সেৱা।

অসমৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখিয়েই প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ।

উল্লেখ কৰিব পাৰি যে বিগত দিনকেইটাত কেবৰ বিৰুদ্ধে ছ’চিয়েল মিডিয়াত সৃষ্টি হৈছিল বিভিন্ন জনমত । সকলোৱে বিৰোধিতা কৰিছিল কেবৰ। তাৰপাছতে ১১ ডিচেম্বৰৰ সন্ধিয়া ৭ বজাৰ পৰা প্ৰথমে ১২ ডিচেম্বৰৰ সন্ধিয়ালৈ বন্ধ কৰি দিয়া হৈছিল অসমৰ ইণ্টাৰনেট সেৱা।

১২ ডিচেম্বৰত পুনৰ ৪৮ ঘণ্টালৈ অৰ্থাৎ ১৪ তাৰিখলৈকে বন্ধ কৰি দিয়া হৈছিল ইণ্টাৰনেট সেৱা । ইয়াৰ পাছতে পুনৰ ১৪ তাৰিখৰ পৰা ১৬ তাৰিখ অৰ্থাৎ সোমবাৰলৈকে ইণ্টাৰনেট বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। সোমবাৰৰ পাছতেই পুনৰ মঙলবাৰৰ লৈকে ইণ্টাৰনেট বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

সৰ্বমুঠ ৬টা দিন একেৰাহে ৰাজ্যত ইণ্টাৰনেট সেৱা বন্ধ হৈ আছে ।