গুৱাহাটী, ২০ আগষ্ট, ২০২৩ : উত্তৰ পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা জুলাই মাহত ১০৬৪ খন মালবাহী ৰে’লৰ ৰেক আনলোড। অত্যাৱশ্যকীয় আৰু অন্যান্য সামগ্ৰীৰ যোগান বজাই ৰখাৰ বাবে, উত্তৰ-পূব সীমান্ত ৰে’লৱেই (North East Frontier Railway) অবিৰতভাৱে মালবাহী ৰে’লৰ আনলোডিঙত বৃদ্ধি পঞ্জীয়ন কৰি আহিছে। এই বছৰৰ জুলাই মাহত, ১০৬৪ খন মালবাহী ৰে’লৰ ৰেক আনলোড কৰা হয়।

চলিত বিত্তীয় বৰ্ষৰ এপ্ৰিলৰ পৰা জুলাই, ২০২৩ লৈ, উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অধিক্ষেত্ৰৰ ভিতৰত ৪৪৪৭ খন মালবাহী ৰে’লৰ ৰেক আনলোড কৰা হয়।উত্তৰ পূব সীমান্ত ৰে’লৱেই উক্ত মাহটোত এফচিআই চাউল, চেনী, নিমখ, খোৱা তেল, সাৰ, চিমেণ্ট, কয়লা, অটোমোবাইল, কন্টেইনাৰ আৰু অন্যান্য সামগ্ৰী পৰিবহন কৰিছে আৰু সেইবোৰ ইয়াৰ অধিক্ষেত্ৰৰ অধীনৰ বিভিন্ন গুডচ্ শ্বেডত আনলোড কৰিছে।

জুলাই, ২০২৩ ৰ সময়চোৱাত, অসমত ৫৯৮ খন মালবাহী ৰে’লৰ ৰেক আনলোড কৰা হয় যাৰ ভিতৰত ৩২১ খন অত্যাৱশ্যকীয় সামগ্ৰীৰে লোড কৰা হৈছিল।
ত্ৰিপুৰাত ৭৩ খন, নাগালেণ্ডত ১৭ খন, মণিপুৰত ৯ খন, অৰুণাচল প্ৰদেশত ৬ খন আৰু মিজোৰামত ৭ খন ৰেক উক্ত মাহটোত আনলোড কৰা হয়। তদুপৰি, উত্তৰ পূব সীমান্ত ৰে’লৱেৰ অধিক্ষেত্ৰৰ ভিতৰত উক্ত মাহটোত পশ্চিম বংগত ১৯৩ খন আৰু বিহাৰত ১৬১ খন মালবাহী ৰে’লৰ ৰেক আনলোড কৰা হয়।

উত্তৰ পূব সীমান্ত ৰে’লৱেৰ গুৰুত্বপূৰ্ণ খণ্ডসমূহত দ্ৰুতগতিত দ্বৈত ৰে’লপথ নিৰ্মাণৰ কাম সম্পাদন কৰাৰ পৰিণামস্বৰূপে মালবাহী ৰে’লৰ চলাচলৰ দিশত অন্তৰ্মূখী আৰু বহিৰ্মূখী পৰিবহন বৃদ্ধি হৈছে। ইয়াৰ ফলত মালবাহী ৰে’লৰ আনলোডিং বৃদ্ধি হোৱাৰ উপৰিও অত্যাৱশ্যকীয় আৰু অন্যান্য সামগ্ৰীৰ পৰিবহনো বৃদ্ধি হৈছে।