গুৱাহাটী, ২১ আগষ্ট, ২০২৩ : ভাৰত চৰকাৰৰ সংগীত নাটক অকাডেমীৰ সৌজন্যত গুৱাহাটীৰ অন্যতম শৈক্ষিক সাংস্কৃতিক অনুষ্ঠান সুৰজিৎ একাডেমীৰ উদ্যোগত ২০ আগষ্টত স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰৰ ড০ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত এখন পুতলা নাট (Puppet Show) মঞ্চস্থ হয়। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা চিনিয়ৰ ফেল’শ্বিপপ্ৰাপ্ত তথা নাট্যকাৰ পৰিচালক সীমান্ত শৰ্মাৰ ৰচিত আৰু ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা ৰাষ্ট্ৰীয় টেগৰ গৱেষণা জলপানি প্ৰাপ্ত তথা এন.চি.ই.আৰ.টি, চি.চি.আৰ.টি, এছ চি আৰ টি, বিজ্ঞান প্ৰসাৰৰ সমল ব্যক্তি বিনীতা দেৱীৰ পৰিচালনাত “বিষ্ণু প্ৰসাদ ৰাভা” পুতলা নাটৰ সফল মঞ্চায়নে সকলোকে অভিভূত কৰি তোলে।

অনুষ্ঠানত অতিথি হিচাপে থাকে লোক কলাবিদ শিক্ষাবিদ তথা মৰাণ মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ ড০ অনিল শইকীয়া, মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা সাহিত্যিক ড০ জগদীশ পাটগিৰি, অসম আভিযান্ত্ৰিক মহাবিদ্যালয়ৰ জ্যেষ্ঠ অধ্যাপক শিক্ষাবিদ ড০ হৰেন্দ্ৰ বৰা আৰু দমদমা মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যাপক শিক্ষাবিদ
ড০ বিৰাজ দাস। অভিনেতা তথা সাংবাদিক ৰূপক বৈশ্যই আঁত ধৰা পুতলা নাটখনৰ পুতলাসমূহ সঞ্চালন কৰে প্ৰণৱ জ্যোতি ৰাভা, ৰেকিবুল আহমেদ, পলক কৈৰী, গীতিমা দাস, ধ্ৰুৱ জ্যোতি কলিতা, হাৰ্দিক শৰ্মা, কৃষ্টি ৰাজবংশী, অংগৰাগ মহন্ত, কৌস্তাভ চৌধুৰী, তৃষ্ণা কলিতাই, প্ৰতিক্ষ্যা বৰুৱা অঙ্কুৰ দাস আৰু লনী কাকতিয়ে। পুতলা নাটখনৰ চৰিত্ৰ সমূহৰ কণ্ঠস্বৰ আৰু সংগীত অদিষ্ণা ৰাজবংশী আৰু অপলক শৰ্মাৰ। “বিষ্ণু ৰাভা” নাটখনৰ সংগীত পৰিচালনা অভিজিৎ বৰ্মনৰ।

নাটখনত বিষ্ণু প্ৰসাদ ৰাভাই স্বাধীনতা আন্দোলনত সংগীত, আবৃত্তি, নাটক আদিৰ জৰিয়তে কিদৰে জনগণক জাগ্ৰত কৰিছিল সেয়া দেখুওৱা হৈছে। কোনো ধৰণৰ অস্ত্ৰৰে যুদ্ধ নকৰি সাংস্কৃতিক মাধ্যমেৰে বৈপ্লৱিক ধাৰাৰে প্ৰতিপক্ষক মষিমূৰ কৰি আগুৱাই গৈ পৰাভূত কৰিছিল শত্ৰু পক্ষক। সকলো জাতি উপজাতি, ধনী দুখীয়া সকলোকে একত্ৰিত কৰি কিদৰে জাগ্ৰত হৈছিল স্বাধীনতা আন্দোলনত সুন্দৰকৈ প্ৰতিফলিত কৰিছে নাটখনত। সংগীত-নৃত্য-নাটক আদিৰেও শত্ৰু পক্ষক দমন কৰাৰ যি এক ধাৰা তাক পুতলা নাটত সুন্দৰভাৱে দাঙি ধৰিছে। নিজৰ আই অসমীৰ প্ৰতি সন্মান ৰাখি একত্ৰিত কৰিছিল সকলো শ্ৰেণীক। অসুস্থ দেহাৰেও নিজৰ মাটি, ভেটিত খামুচি ধৰি ৰাখিবলৈ আহ্বান কৰিছিল অসমৰ জনগণক। “বিষ্ণু প্ৰসাদ ৰাভা” পুতলা নাটখনত সুন্দৰভাৱে এই সকলোঁ কথাই বিষ্ণু প্ৰসাদ ৰাভাৰ জীৱনজোৰা কাৰ্য্য দাঙি ধৰিছে।

পুতলা নাটখন ছাঁ পুতলা আৰু লাঠী পুতলাৰ জৰিয়তে পৰিবেশন কৰা হয়। সূত্ৰধাৰৰ উপস্থাপনে নাটখনত এক মহানতম কাৰ্য্য উপস্থাপন কৰিছে। সম্পুৰ্ণ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অঙ্কীয়া নাটত দেখুওৱাৰ দৰে সূত্ৰধাৰৰ সাজ সজ্জাৰে পুতলা নাটখন আকৰ্ষিত কৰাৰ লগতে হৃদয়ঙ্গম কৰিছে দৰ্শকক। পুতলা নাটখনত পৰিবেশন কৰা পুতলাসমূহৰ সঞ্চালনত কোনো জড়তা পৰিলক্ষিত হোৱা নাই। মানৱৰ জৰিয়তে নাটখন পৰিবেশন কৰা যেন দৰ্শকে অনুভৱ কৰিছিল। প্ৰতিটো দৃশ্যই দৰ্শকৰ হৃদয় স্পৰ্শ কৰি গৈছিল। বিনীতা দেৱী আৰু সীমান্ত শৰ্মাৰ প্ৰচেষ্টাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি “বিষ্ণু প্ৰসাদ ৰাভা” নাটখনে দৰ্শকৰ মাজত যথেষ্ট সমাদৰ লাভ কৰে। সন্মানীয় অতিথি সকলে নাটখন দেখি অভিভূত হৈ পৰে। নাটখনত পুতলা সমূহ সঞ্চালন কৰা বেছি সংখ্যকে শিশু।

শিশুসকলক অসমৰ কলাক প্ৰশিক্ষণ প্ৰদান কৰি সফল মঞ্চায়ন কৰাটো অতি কঠিন। তাকো বিনীতা দেৱীয়ে দৰ্শকৰ আগত সম্ভৱ কৰি তুলিছিল। পুতলা নাটকৰ সফল মঞ্চায়নে সাধাৰণ নাট্যৰসিকৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ স্বনামধন্য পৰিচালক, অভিনেতা, শিল্পী, সাহিত্যিক , শিক্ষাবিদ সকলক মন্ত্ৰমুগ্ধ কৰি ৰাখিব পৰাটো পৰিচালক বিনীতা দেৱীৰ কৃতিত্ব দাবী কৰিব পাৰি৷ পুতলা নাটৰ শেষত সংগীত শিল্পী দীপা মহন্তৰ জৰিয়তে পুতলা সঞ্চালন কৰা শিল্পী সকলে প্ৰাৰ্থনা পৰিবেশন কৰে। ইতিমধ্যে এই নাটখন বিনীতা দেৱীৰ পৰিচালনাত ভাৰত চৰকাৰৰ অধীনৰ সাংস্কৃতিক ক্ষেত্ৰ সমূহত ভাৰতৰ বিভিন্ন ৰাজ্যত পৰিৱেশন কৰিও সমাদৰ লাভ কৰিছে।