নিউজ ডেস্ক, ২৮ নৱেম্বৰ, ২০২৩ : উৎসৱৰ (Festival Session) ভিৰৰ সময়ত উত্তৰ পূব সীমান্ত ৰে’লৱেই ইয়াৰ অধিক্ষেত্ৰৰ সকলো গুৰুত্বপূৰ্ণ ষ্টেচন আৰু ৰে’লত পৰিকল্পিতভাৱে নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰিছে। এই বতৰত, বহুতো যাত্ৰীয়ে নিজ নিজ ঘৰলৈ আহিবলৈ দীৰ্ঘ দূৰত্ব ভ্ৰমণ কৰে। এনেধৰণৰ ব্যৱস্থা গ্ৰহণৰ ফলস্বৰূপে, নিজ নিজ গন্তব্যস্থানলৈ যাত্ৰা কৰা যাত্ৰীসকলৰ ক্ষেত্ৰত ৰে’লত উঠা নমা কৰিবলৈ সুবিধাজনক হয়।

উত্তৰ পূব সীমান্ত ৰে’লৱেই ৰে’লত যাত্ৰা কৰোঁতে যাত্ৰীসকলক সজাগ কৰাৰ বাবে উৎসৱৰ বতৰত নিয়মীয়াকৈ বিশেষ অভিযান চলাই আহিছে। উত্তৰ পূব সীমান্ত ৰে’লৱেৰ সকলো সংশ্লিষ্ট বিষয়াই ৰে’লত যাত্ৰা কৰা যাত্ৰীক চলাচলৰ ওপৰত কঠোৰ সতৰ্কতা অৱলম্বন কৰি আহিছে। যাত্ৰী আৰু অংশীদাৰসকলক যাত্ৰা কৰোঁতে সুৰক্ষা ব্যৱস্থাৰ বিষয়ে আৰু ৰে’লত যিকোনো জ্বলনশীল সামগ্ৰী কঢ়িয়াই নিয়াৰ ক্ষেত্ৰত নিষেধাজ্ঞাৰ বিষয়ে অৱগত কৰা হয়। উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ দ্বাৰা ইয়াৰ পাঁচোটা মণ্ডলত এক গণ জনসজাগতা অভিযান চলোৱা হয়।

১৮ পৰা ২৪ নৱেম্বৰ লৈ যিকোনো নিষিদ্ধ সামগ্ৰী কঢ়িয়াই নিয়াৰ ক্ষেত্ৰত ১.২৪ লাখতকৈও অধিক যাত্ৰীৰ সামৰি ৪৬১ টা ষ্টেচনত মুঠ ১৭৪০ খন ৰে’ল পৰীক্ষণ কৰা হৈছিল। ষ্টেচন পৰিসৰত ১০৯৩ টা সজাগতা অভিযান চলোৱা হয় য’ত প্ৰায় ১২৯৫৩ জন কুলি/টেক্সি চালকক ষ্টেচন স্থানত সুৰক্ষা ব্যৱস্থা বজাই ৰখাৰ বাবে অৱগত কৰা হয়। ভিৰৰ সময়ত প্ৰায় ৫৫৬ জন বৃদ্ধ লোক, মহিলা আৰু শিশুক ৰে’লত উঠা নমা কৰাত সহায় কৰা হয়। এনে সমাগমৰ বতৰত উত্তৰ পূব সীমান্ত ৰে’লৱেই ইয়াৰ যাত্ৰীসকলৰ সৰ্বাধিক যত্ন লোৱাৰ অৰ্থে প্ৰতিশ্ৰুতিবদ্ধ। ৰে’লত যাত্ৰা কৰোঁতে যাত্ৰীসকলক সচেতন কৰাৰ বাবে সময়ে সময়ে বিভিন্ন সজাগতা অভিযান চলাই থকা হৈছে।