নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৪ ডিচেম্বৰ : এন আৰ চিৰ ৰাজ্যিক সমন্বয়কৰ দায়িত্ব গ্ৰহণ কৰিলে হিতেশ দেৱ শৰ্মাই । প্ৰতীক হাজেলাৰ বদলিৰ পাছতেই হিতেশ শৰ্মাক দায়িত্ব দিয়া হৈছিল ।

দায়িত্বভাৰ গ্ৰহণ কৰি শৰ্মাৰ মন্তব্য ” আইনৰ প্ৰতি আৰু অসমবাসীৰ ওচৰত মই দায়বদ্ধ, পূৰ্বৰ অভিজ্ঞতা ব্যৱহাৰ কৰিম । ”

এইখিনিতে উল্লেখ কৰিব লাগিব যে এন আৰ চিৰ ৰাজ্যিক সমন্বয়কৰ দায়িত্বত হিতেশ শৰ্মা আছিল যদিও ছুটিত থকাৰ বাবে যোগদান কৰা নাছিল হিতেশ শৰ্মাই । ইয়াৰপাছতে কেইদিনমান পূৰ্বে ৰাজ্যিক সমন্বয়কৰ দায়িত্ব বাবুলাল শৰ্মাক চৰকাৰে প্ৰদান কৰিছিল ।