গুৱাহাটীৰ পৰা নন্দিনী মহন্ত, সংবাদ ৩৬৫, ২০ নৱেম্বৰ : যথোচিত মান্যতাৰ স্বাৰ্থত আত্ম প্ৰকাশ হোৱা যুৱ সাংবাদিক সন্থা,অসমৰ দ্বিতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস ২০২০ চনৰ ৯ ফ্ৰেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত কৰা হ’ব ।

বিগত বৰ্ষৰ দৰে এইবছৰো বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত শ্ৰেষ্ঠ বাতৰি পৰিবেশক-পৰিবেশিকা, শ্ৰেষ্ঠ নিউজ প্ৰডিউচাৰ সন্মান, শ্ৰেষ্ঠ সাংবাদিকতা বঁটা, শ্ৰেষ্ঠ আলোকচিত্ৰ সাংবাদিকতা বঁটা, পৰিবেশ আৰু বন্যপ্ৰাণী ,শিশু আৰু মহিলা সৱলীকৰণ, সামাজিক দায়বদ্ধতাৰ ওপৰত শ্ৰেষ্ঠতাৰ ভিত্তিত একোটাকৈ বঁটা প্ৰদান কৰা হ’ব।

উল্লেখযোগ্য যে এইবাৰৰ “সংবাদ শিৰোমণি”যুৱ সাংবাদিক বঁটা আৰু সন্মান লাভ কৰিছে ক্ৰমে প্ৰতিদিন টাইমৰ জইন এডিটৰ শোণিত কুমাৰ ভূঞা আৰু ৰাজদ্বীপ বাইলুং বৰুৱা
এডিট’ৰিয়েল কনছালটেন্ট – নিউজ ১৮ অসম নৰ্থ ইষ্ট।

“শ্ৰেষ্ঠ বাতৰি পৰিবেশক পৰিবেশিকাৰ” বঁটা প্ৰাপক ক্ৰমে বনদ্বীপ গোস্বামী , নিউজ লাইভ, অঞ্জুমণি বৰদলৈ ,প্ৰতিদিন টাইম ৷

“শ্ৰেষ্ঠ নিউজ প্ৰডিউচাৰ সন্মান ” লাভ কৰিছে অভিজিৎ গগৈ ডি ওৱাই ৩৬৫।

“শ্ৰেষ্ঠ সাংবাদিকতা বঁটা ” লাভ কৰিছে অজয় শইকীয়া ,সাংবাদিক ,দৈনিক জনমভূমি ৷

“শ্ৰেষ্ঠ আলোকচিত্ৰ সাংবাদিকতা বঁটা ” লাভ কৰিছে ক্ৰমে জগদ্বীশ ভৰালী ,” নিয়মীয়া বাৰ্তা , সৌৰভ দুৱৰা ,অসমীয়া প্ৰতিদিন ।

ইয়াৰোপৰি পৰিবেশ আৰু বন্যপ্ৰাণী ,শিশু আৰু মহিলা সৱলীকৰণ, সামাজিক দায়বদ্ধতাৰ ওপৰত শ্ৰেষ্ঠতাৰ ভিত্তিত একোটাকৈ বঁটা প্ৰদান কৰা হ’ব ৷

উল্লেখযোগ্য যে এই যুৱ সাংবাদিক সন্থাৰ সভাপতি পদত আছে চন্দন দাস আৰু সাধাৰণ সম্পাদক পদত আছে কাঞ্চনজ্যোতি গোহাঁই ।