গুৱাহাটী : উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ পুৰণি আৰু বিশ্বাসযোগ্য আইটি ষ্ট’ৰ চি এ এছ কম্পিউটাৰে গুৱাহাটীত মুকুলি কৰিছে www.casfurb.com ৱেবছাইট। এতিয়াৰ পৰা যিকোনো লোকে যিকোনো ঠাইৰ পৰা মেৰামতি কৰা পুৰণি লেপটপ (Laptop) ক্ৰয়া কৰিব পাৰিব।

তিনিচুকীয়া আৰু গুৱাহাটীত থকা আমাৰ প্ৰতিষ্ঠানে ইতিমধ্যে মানুহৰ কম্পিউটাৰ সম্পৰ্কীয় প্রয়োজনীয়তা পূৰণ কৰিছে। ৱেবছাইট মুকুলি কৰি চি এ এছৰ গৰাকী দীপক বাজাজে এইদৰে কয়। তেওঁ লগতে জানিবলৈ দিয়ে যে গুৱাহাটী, তিনিচুকীয়া আৰু নগাঁৱত ফ্রেঞ্চাইজি ষ্টোৰৰ জৰিয়তে গ্রাহকে কম্পিউটাৰ সংগ্ৰহ কৰিব পাৰিব। সমাজৰ প্ৰতিজন লোকে যাতে সহজে আৰু কম মূল্যত কম্পিউটাৰ ক্ৰয় কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি casfurb.com ৱেবছাইট মুকুলি কৰা হৈছে।

তেওঁ কয় যে পুনৰ মেৰামতি কৰা লেপটপ ১০,০০০ টকাৰ ভিতৰত গ্ৰাহকে লাভ কৰিব। এপল, ডেল, লেনোভো, এইচপি, আছুছ আৰু এচাৰৰ দৰে কোম্পানীৰ ২০০ তকৈও অধিক লেপটপ মজুত কৰি ৰখা হৈছে। তেওঁ জানিবলৈ দিয়ে যে শিক্ষার্থী, পেছাদাৰী আৰু ব্যৱসায়ি সকলৰ বাবে এয়া লাভ দায়ক হ’ব। গ্রাহকে কম্পিউটাৰ ক্ৰয় কৰিলে ৩ মাহৰ বাৰেণ্টি লাভ কৰিব। একেদৰে গ্ৰাহকৰ পৰা পুৰণি লেপটপ ক্ৰয় কৰা হ’ব।

গ্রাহকে ৱেবছাইটৰ লগতে গুৱাহাটীৰ উলুবাৰী আৰু তিনিচুকীয়াৰ মাকুম ৰোডৰ প্ৰতিষ্ঠাপনৰ পৰাও পুনৰ মেৰামতি কৰা লেপটপ ক্ৰয় কৰিব পাৰিব। অসম আৰু উত্তৰ-পূবৰ সকলো মুখ্য চহৰত শীঘ্ৰেই এই সুবিধা সম্প্ৰসাৰিত কৰা হ’ব বুলি দীপক বাজাজে কয়। উদ্যোগী সার্থক বাজাজে কয়, ৰাইজৰ কল্যাণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি অহা হৈছে। পুনৰ মেৰামতি কৰা লেপটপ ব্যৱহাৰ কৰি আমি ই-আৱৰ্জনা হ্ৰাস কৰিছো আৰু প্ৰকৃতিৰ প্ৰতি অৰিহণা যোগাইছো, কিয়নো আমাৰ চৰকাৰেও ইয়াৰ ওপৰত কাম কৰি আছে।

তথ্য প্রযুক্তি ক্ষেত্ৰত ২৮ বছৰৰ দক্ষতাৰ সৈতে আমি আমাৰ গ্ৰাহকসকলক বিক্ৰীৰ পিছত গুণগত সামগ্ৰী আৰু প্রিমিয়াম প্ৰদান কৰাৰ বাবে সমর্পিত। গ্ৰাহকৰ ওচৰলৈ যাবলৈ বা আমাৰ সেৱাসমূহ প্রাপ্ত কৰিবলৈ অনুগ্ৰহ কৰি ৬০০৩৭৬২৯২৬ যোগাযোগ কৰক বা www.casfurb.com লগ ইন কৰিব পাৰিব।