নিউজ ডেস্ক : ৰাহুল গান্ধীক (Rahul Gandhi) হত্যাৰ ভাবুকি। পিতৃ ৰাজীৱ গান্ধীৰ দৰে বোমা বিস্ফোৰণ ঘটাই ৰাহুল গান্ধীক হত্যা কৰাৰ ভাবুকি। এক পত্ৰযোগে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক বোমা বিস্ফোৰণ ঘটাই পিতৃ ৰাজীৱ গান্ধীৰ দৰে হত্যাৰ ভাবুকি।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ভাৰত জোড়ো অভিযান অব্যাহত থকাৰ মাজতে কংগ্ৰেছ নেতা গৰাকীক হত্যাৰ ভাবুকি প্ৰদান কৰা হৈছে। বৰ্তমান ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰা মহাৰাষ্ট্ৰত আছে আৰু শীঘ্ৰে এই যাত্ৰা মধ্য প্ৰদেশত প্ৰৱেশ কৰিব। ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰা মধ্য প্ৰদেশত সফল কৰি তুলিবলৈ ইতিমধ্যে মধ্য প্ৰদেশৰ কংগ্ৰেছ কৰ্মকর্তা সকল তৎপৰ হৈ পৰিছে।

মধ্য প্ৰদেশত ভাৰত জোড়ো যাত্ৰা সফল কৰি তোলাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠাৰ সময়তে ৰাহুল গান্ধীক হত্যাৰ ভাবুকি প্ৰদান কৰা হৈছে। মধ্য প্ৰদেশত ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰা প্ৰৱেশ কৰিলে ৰাহুল গান্ধীক হত্যা কৰা হ’ব বুলি পত্ৰযোগে ভাবুকি প্ৰদান কৰা হৈছে। ইণ্ডোৰৰ এখন মিঠাইৰ দোকানত ৰাহুল গান্ধীক হত্যাৰ ভাবুকি প্ৰদান কৰাৰ পত্ৰ উদ্ধাৰ হৈছে।

মিঠাইৰ দোকানখনৰ মালিকক কোৰিয়াৰ যোগে পত্ৰখন প্ৰেৰণ কৰা হৈছিল। পত্ৰখনত ৰাহুল গান্ধীৰ লগতে কংগ্ৰেছ নেতা তথা মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কমল কমল নাথকো গুলীয়াই হত্যা কৰা হব বুলি ভাবুকি প্ৰদান কৰা হৈছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীক হত্যাৰ ভাবুকি প্ৰদান কৰা পত্ৰ উদ্ধাৰ হোৱাৰ পিছতে তীব্ৰ চঞ্চল্যৰ সৃষ্টি হৈছে। ইণ্ডোৰ আৰক্ষীয়ে ভাবুকি পত্ৰ সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

উল্লেখ্য যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত যোৱা ৭ ছেপ্টেম্বৰৰ পৰা ভাৰত জোড়ো যাত্ৰাৰ আৰম্ভণি হৈছে। দেশৰ বৰ্তমানৰ ৰাজনৈতিক পৰিৱেশ, অৰ্থনৈতিক অৱস্থাৰ লগতে বিভিন্ন সমস্যাকলৈ জনমত গঢ়াৰ লক্ষ্যৰে ৰাহুল গান্ধীয়ে এই ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰিছে। ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্রা ইতিমধ্যে ৰাইজৰ ব্যাপক সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। কেইবাজনো সামাজিক কৰ্মকর্তাৰ লগতে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে ৰাহুল গান্ধীৰ এই যাত্ৰাত যোগ দিয়া পৰিলক্ষিত হৈছে।