গুৱাহাটী : নকল সোণ বিক্ৰী কৰা এটা চক্ৰৰ এজন সদস্য দিছপুৰ আৰক্ষীৰ জালত। এজন ভুক্তভোগীয়ে নকল সোণ বিক্ৰী কৰাৰ চক্ৰটোৰ সদস্যজনক জালত পেলায়। ধৃত লখিমপুৰ জিলাৰ লোকজনে এমাহ পূৰ্বে প্ৰৱঞ্চনাৰে বঙাইগাঁৱৰ এজন লোকক বিক্ৰী কৰিছিল নকল সোণ।

গোসাঁইগাঁৱৰ জিলাৰ আজিজুৰ ৰহমান আৰু চাজন শ্বেখ নামৰ দুজন লোকক লখিমপুৰ জিলাৰ নাওবৈচাৰ নকল সোণ বিক্ৰীৰ এটা চক্ৰই প্ৰৱঞ্চনাৰে নকল সোণ বিক্ৰী কৰিছিল। নাওবৈচাৰ ফৰিদুল ইছলাম নামৰ লোকজনে আজিজুৰ ৰহমান আৰু চাজন শ্বেখক আচল সোণ বুলি নকল সোণ বিক্ৰী কৰিছিল।

নকল সোণৰ বিনিময়ত ফৰিদুল ইছলামে আজিজুৰ ৰহমান আৰু চাজন শ্বেখৰ পৰা ৪০ নগদ হাজাৰ টকা আৰু মোবাইল ফোন লৈছিল। পৰৱৰ্তী সময়ত সোণ নকল বুলি জানিবলৈ পাই আজিজুৰ ৰহমান আৰু চাজন শ্বেখে জাল পেলাই মফিদুল ইছলামক আটক কৰিবলৈ সক্ষম হয়।

দিছপুৰ মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সৰ সমীপৰ পৰা ফৰিদুল ইছলামক স্থানীয় ৰাইজ আৰু আজিজুৰ ইছলাম আৰু চাজন শ্বেখৰ সহযোগত আৰক্ষীয়ে আটক কৰে। অৱশ্যে মফিদুল ইছলামৰ লগত থকা অন্য এজন লোক পলায়ন কৰিবলৈ সক্ষম হয়।