বকো : ৰাজাপাৰাৰ (Rajapara) ডকাইতিকাণ্ডৰ লগত জড়িত এজন ডকাইতৰ মৃত্যু। চিকিৎসালয়ত মৃত্যু ঘটে ডকাইতজনৰ। ৰাইজৰ আক্ৰমণত গুৰুত্বৰভাৱে আহত হৈছিল ডকাইতজন। এতিয়াও পলাতক অৱস্থাত আছে দুজন ডকাইত।

মঙলবাৰে নিশাৰ ভাগত দক্ষিণ কামৰূপৰ বকোৰ অন্তৰ্গত ৰাজাপাৰাত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ডকাইতিকাণ্ড। এখন বাইকত অহা ডকাইতৰ দল এটাই দুজন লোকক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি ডকাইতিকাণ্ড সংঘটিত কৰাৰ চেষ্টা চলায়। আনকি ডকাইতৰ দলটোৱে গুলী চালনা কৰাত এজন আৰক্ষীৰ লোকো আহত হয়।

পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে খেদি খেদি এজন ডকাইত আটক কৰি আক্ৰমণ চলায়। ৰাইজৰ আক্ৰমণত গুৰুত্বৰভাৱে আহত হয় ডৰসিং বসুমতাৰী নামৰ ডকাইতজন। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ডৰসিং বসুমতাৰী নামৰ ডকাইতজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসালয়ত ডকাইতজনৰ মৃত্যু ঘটে। মৃত ডকাইতজনৰ ঘৰ কোকৰাঝাৰ জিলাত বুলি জানিব পৰা গৈছে।

ইফালে ঘটনাৰ পিছতে আৰক্ষীয়ে তদন্ত চলাই ৰমেন বৰগয়াৰী নামৰ আন এজন ডেকাইতক নিশাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ৰমেন বৰগয়াৰী নামৰ ডকাইতজন চিৰাং জিলাৰ। ঘটনাৰ লগত কমল খাখলাৰী আৰু সুনীল বড়ো নামৰ আন দুজন ডকাইত জড়িত থকা বুলি আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে। ডকাইত দুজন বৰ্তমান পলাতক অৱস্থাত আছে।

আনহাতে ডকাইতৰ দলটোৰ গুলীত আহত হোৱা আশ্ৰাফুল আলম নামৰ আৰক্ষীৰ লোকজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে। ডকাইতৰ দলটোৰ আক্ৰমণত গুৰুত্বৰভাৱে আহত হোৱা গণেশ থাপা নামৰ দোকানীজনকো গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।