জোনমণি বেগম
বিশ্বনাথ : বিশ্বনাথ সদৰ আৰক্ষীয়ে সুদীৰ্ঘ ৯ বছৰ পিছত পুনৰ মিলন ঘটালে মাতৃ আৰু কন্যাৰ। ৩ বছৰ বয়সতে পিতৃয়ে গোপনে এগৰাকী মহিলাক বিক্ৰী কৰিছিল কন্যা শিশুটিক। মহিলা গৰাকীয়ে কন্যা শিশুটিক পুনৰ বিক্ৰী কৰিছিল এগৰাকী অৰুণাচলীক। বিশ্বনাথ সদৰ আৰক্ষীয়ে অৰুণাচল প্ৰদেশৰ পৰা উদ্ধাৰ কৰি কন্যা শিশুটিক মাতৃৰ লগত মিলন ঘটালে।

এই হৃদয়বিদাৰক ঘটনা পোহৰলৈ আহিছে বিশ্বনাথত৷ মাতৃৰ বুকু শুদা কৰি পিতৃয়ে এগৰাকী মহিলাক বিক্ৰী কৰিছিল নিজৰ তিনি বছৰীয়া কন্যা শিশুটিক। পৰৱৰ্তী সময়ত মহিলা গৰাকীয়ে সেই কন্যা শিশুটিক বিক্ৰী কৰিছিল অৰুণাচল প্ৰদেশৰ নাহৰলগুনত। মাতৃৰ বুকুৰ উমত থকা বয়সতে কন্যা শিশুটি অৰুণাচল প্ৰদেশৰ নাহৰলগুনৰ লোকেজনে কন্যা শিশুটিক নিয়োজিত কৰাইছিল বনকৰা কামত।

সুদীৰ্ঘ ৯ বছৰ পিছত এই কন্যা শিশুটিৰ মাতৃয়ে বিশ্বনাথ সদৰ আৰক্ষী থানাত এক গোচৰ তৰে। এই গোচৰৰ ভিত্তিতে বিশ্বনাথ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সঞ্জিত কুমাৰ ৰায়ৰ নেতৃত্বত আৰম্ভ হয় তদন্ত। তদন্তৰ অন্তত কন্যা শিশুটিক বিক্ৰী কৰা মূল অভিযুক্ত মহিলা গৰাকীক বিশ্বনাথ সদৰ আৰক্ষী থানাৰ দলে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।মহিলা গৰাকীৰ স্বীকাৰোক্তিৰ ভিত্তিত বিশ্বনাথ সদৰ আৰক্ষীৰ দলে অৰুণাচল প্ৰদেশৰ নাহৰলগুণত অভিযান চলাই অৱশেষত উদ্ধাৰ কৰিবলৈ সক্ষম হয় কন্যা শিশুটি।

সুদীৰ্ঘ ৯ বছৰে সন্ধানহীন হৈ থকা বিশ্বনাথৰ গলিয়াৰ সমীপৰ নৱপুৰৰ কন্যা শিশুটিৰ বয়স এতিয়া ১২ বছৰ। উল্লেখ্য যে, অনুসন্ধান কালত ফটোত দেখি নিজ মাতৃয়েই চিনি পোৱা নাছিল নিজ কন্যাক৷ কিন্তু উদ্ধাৰ অভিযানত স্বচক্ষে নিজৰ কন্যাক দেখিহে চিনি পায় আৰু কন্যাইও চিনি পায় মাতৃক। সুদীৰ্ঘ ৯ বছৰ পিছত কন্যা গৰাকী নিজ গৃহত উপস্থিত হোৱাৰ লগে লগে সমগ্ৰ ঘৰখনতে এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰে। বিশ্বনাথ আৰক্ষীৰ এই সফলতাক শিশুটিৰ পৰিয়ালৰ লগতে বিশ্বনাথ চাৰিআলিবাসীয়ে শলাগ লয়।