নুৰ উদ্দিন
বিলাসীপাৰা : পুৱাৰ ভাগতে ভয়ংকৰ পথ দুর্ঘটনা। এখন মটৰ চাইকেল আৰু ট্ৰাকৰ মাজত সংঘর্ষ। মটৰ চাইকেল আৰু তীব্ৰ বেগী ট্ৰাকৰ মুখামুখি সংঘৰ্ষত এজন থিততে নিহত হোৱাৰ লগতে এজন আহত।

বৃহস্পতিবাৰে পুৱা ৬ মান বজাত ধুবুৰী জিলাৰ বিলাসীপাৰাত এক ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হয়। ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এই ভয়ংকৰ পথ দুর্ঘটনাত এজন লোক থিতাতে নিহত হোৱাৰ লগতে আন এজন লোক গুৰুত্বৰভাৱে আহত হয়। পুৱা ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এখন মটৰ চাইকেল আৰু এখন ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত মটৰ চাইকেলখনৰ এজন আৰোহী থিতাতে নিহত হয়।

দুর্ঘটনাত মটৰ চাইকেলখনৰ আন এজন আৰোহী গুৰুত্বৰভাৱে আহত হয়। মাছপাৰাত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই ভয়ংকৰ পথ দুর্ঘটনাত থিতাতে নিহত হোৱা লোকজনৰ নাম ৰফিকুল ইছলাম বুলি জানিব পৰা গৈছে। আনহাতে আহত লোকজন জাকিৰ হুছেইন।

আহত জাকিৰ হুছেইনক বিলাসীপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। দুর্ঘটনাত পতিত হোৱা ট্ৰাকখনৰ নম্বৰ ডব্লিউবি-৫৭-চি-৩০৯২ আৰু মটৰ চাইকেলখনৰ নম্বৰ এএছ-১২-টি-০২৯০। পথ দুর্ঘটনাত এজন লোকৰ মৃত্যু হোৱাৰ ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।