গুৱাহাটী : দেশৰ আগশাৰীৰ অটোমোবাইল কোম্পানী টাটা মটছ লিমিটেডে (Tata Motors Limited) সমগ্র দেশতে আযোজন কৰিছে টাটা জেনুইন পাৰ্টছ চমুকৈ টি জি পি এক্সপ’। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীৰ বিশ্বৰত্ন হোটেলত যোৱা ২২ আৰু ২৩ আগষ্টত মেচার্চ বিনোদ আটোমোবাইলছে লঘু আৰু বানিজ্যক বাহনৰ শ্বেয়াৰ পাৰ্টছ এক্সপ’ আযোজন কৰে।

মেচাৰ্চ বিনোদ আটোমোবাইল হৈছে অসম (বৰাক ভেলীৰ বাহিৰে) অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ লঘু আৰু বানিজ্যিক বাহনৰ টাটা জেনুইন পাৰ্টছৰ কৰ্তৃত্বপ্রান্ত ডিষ্টিবিউট। অনুষ্ঠানটো বক্তব্য প্রদান কৰি বিনোদ অটোমোবাইলছৰ স্বত্বাধিকাৰী অৰুন আগৰৱালে কয় যে এই এক্সপ’ত বহু সংখ্যক ৰিটেইলাৰ আৰু মেকানিক বন্ধুৱে অংশগ্ৰহণ কৰে।

আগৰৱালে লগতে কয় যে টি জি পি এক্সপ’ৰ অধীনত টাট জেনুইন ব্ৰেণ্ড বিশেষকৈ ডুৰাফিট, টি এম জি অ, প্রলাইফ, টাটা ডিইএফ প্ৰদৰ্শন কৰা হয়। এক্সপ’ৰ সময়ত টি এম এলৰ আঞ্চলিক প্রবন্ধক স্নেহাসিশ দাস আৰু বিনোদ অটোমোবাইলছৰ বিক্ৰী বিভাগৰ দলটোৱে সামগ্ৰী সমূহ চিনাক্তকৰণ আৰু বিষয় বস্তুৰ ওপৰত বৰ্ণনা দাঙি ধৰে।

এক্সপ’ৰ জৰিয়তে কেনেদৰে গ্ৰহকক সহায় কৰিব পাৰি তাৰ ওপৰতো আলোচনা কৰা হয়। বিনোদ অটোমোবাইলছে গুৱাহাটীৰ উদ্যোগিক পার্কত টি জি পি এক্সপ’ৰ আয়োজন কৰে। এই এক্সপ’ৰ মূল উদেশ্য হৈছে ৰিটেইলাৰ আৰু মেকানিকৰ মাজত সম্পৰ্ক স্থাপন কৰাৰ লগতে টাটা জেনুইন পাৰ্টছৰ বিষয়ে গ্ৰাহকক সজাগ কৰা।