শিলচৰ : অসমত হোৱা প্ৰলয়নকাৰী বানপানীৰ ফলত ২৪ খন জিলাৰ ১,৩৪৪ খন গাঁৱৰ ৩,৯৩,৭৫৮ টা শিশু আৰু ৪,৬৯,৬০০ গৰাকী মহিলাসহ প্ৰায় ১.৩ নিযুত লোক ক্ষতিগ্ৰস্ত হৈছে।ইউনিচেফে নিজৰ সাহায্য ক্ষমতা বৃদ্ধি কৰিবলৈ আৰু প্ৰভাৱিত শিশু তথা তেওঁলোকৰ পৰিয়ালৰ তাৎক্ষণিক প্ৰয়োজনীয়তাসমূহ পূৰণ কৰিবলৈ সংশ্লিষ্ট চৰকাৰ আৰু মানৱতাবাদী সহযোগী সকলৰ সৈতে ঘনিষ্ঠ সমন্বয় ৰক্ষা কৰি কাম কৰি আছে।

বানপানীৰ ফলত ৰাজ্যখনৰ আটাইতকৈ বেছি প্ৰভাৱিত হোৱা কাছাৰ জিলাৰ ঘৰ আৰু গাঁওসমূহ ডুব গৈছে, যাৰ বাবে পৰিষ্কাৰ আৰু সুৰক্ষিত খোৱা পানী বৰ্তমান সময়ৰ মৌলিক প্ৰয়োজনীয়তা হৈ পৰিছে। দুৰ্দশাগ্ৰস্ত লোক সকলৰ বাবে খোৱা পানীৰ সুৰক্ষিত সুবিধা সুনিশ্চিত কৰিবলৈ ইউনিচেফ অসমে ডিডিএমএ কাছাৰ আৰু সহযোগী অক্সফাম ইণ্ডিয়াৰ সৈতে চাৰিটা পৰিশোধন ইউনিট স্থাপন কৰিছে।

কাটিগোৰাহ ৰাজহ চক্ৰত দুটা গোট, এটা শিলচৰ চহৰত আৰু এটা সোনাই ৰাজহ চক্ৰত স্থাপন কৰা হৈছে। ইউনিটসমূহে প্ৰতি ঘণ্টাত ৭০০ ৰ পৰা ১০০০ লিটাৰ পানী পৰিশোধন কৰিব পাৰে। প্ৰতিটো ইউনিটে ৫০০ মিটাৰ এলেকাৰ ভিতৰত বাস কৰা ১০০ ৰ পৰা ১৫০ টা পৰিয়ালক (৪,৫০০ ৰ পৰা ৬,৭৫০ গৰাকী) ৰন্ধন আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ দৰে মৌলিক প্ৰয়োজনীয়তাৰ বাবে সেৱা আগবঢ়াব পাৰে।

২০২২ চনৰ ৯ জুনত ৰাজেশ্বৰপুৰৰ ২ খন গাঁৱত প্ৰথম একুৱাপ্লাছ ৭০০ পৰিশোধন ইউনিট স্থাপন কৰা হৈছিল আৰু ছয়গৰাকী মহিলাৰ এটা গোটক ইউনিটটো স্থাপন, কাৰ্যকৰীকৰণ আৰু তত্বাৱধানৰ বাবে প্ৰশিক্ষণ দিয়া হৈছিল। গাঁওখনত সুৰক্ষিত পানী আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতামূলক অভ্যাসৰ প্ৰচাৰৰ বাবে পানী, অনাময় আৰু পৰিচ্ছন্নতাৰ ওপৰত এখন সমিতি গঠন কৰা হৈছিল,”ইউনিচেফ অসমৰ ফিল্ড অফিচৰ মূৰব্বী ড০ মধুলিকা জনাথনে কয়।