আজিজ আলী
নলবাৰী : পুৰ্ণদৈচপৰাত বানপীড়িত ৰাইজৰ চৰকাৰী সাহায্যৰ ওপৰতো চকু পঞ্চায়ত জনপ্ৰতিনিধি ফণিনাথ লহকৰৰ। ১১ নং দেহাৰকুছি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য ফণিনাথ লহকৰৰ ওপৰত ক্ষুব্ধ ৰাইজ। নলবাৰী জিলাৰ বৰভাগ ৰাজহ চক্ৰৰ অন্তৰ্গত বাহাৰঘাটৰ ৰাজপথত বিজেপি কৰ্মী আৰু ৰাইজৰ উত্তাল প্ৰতিবাদ পঞ্চায়তৰ আঞ্চলিক সদস্য ফণিনাথ লহকৰৰ বিৰুদ্ধে বান সাহায্য বিতৰণত ব্যাপক অনিয়মৰ অভিযোগ।

নলবাৰী জিলাৰ বৰভাগ ৰাজহ চক্ৰৰ অন্তৰ্গত বান বিধ্বস্ত পুৰ্ণদৈচপৰাৰ স্থানীয় ৰাইজ আৰু বিজেপি দলৰ একাংশ কৰ্মীয়ে বান সাহায্য বিতৰণৰ ব্যাপক অনিয়মৰ অভিযোগ উত্থাপন কৰি ৰাজপথৰ লগতে আঞ্চলিক সদস্য ফণিনাথ লহকৰৰ ঘৰৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। বৰভাগৰ দেহাৰকুছি গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য গৰাকীয়ে পুৰ্ণদৈচপৰাৰ বানপানীত শিবিৰত থকা লোকৰ তালিকা প্ৰস্তুত কৰাত অনিয়ম কৰা বুলি বানপীড়িত ৰাইজে অভিযোগ তুলি সদস্য গৰাকীৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

প্ৰতিবাদকাৰী সকলে অভিযোগ কৰে যে পঞ্চায়তৰ আঞ্চলিক সদস্য গৰাকীয়ে শিবিৰত থকা বানাক্ৰান্ত লোকৰ পৰিবৰ্তে শিবিৰত নথকা আৰু নিজৰ লোকৰ নাম বান সাহায্য তালিকাত অন্তৰ্ভুক্ত কৰি চৰকাৰী সাহায্য লুণ্ঠন কৰি প্ৰকৃত হিতাধিকাৰীক সকলক বঞ্চিত কৰিছে। প্ৰকৃত হিতাধিকাৰীক চৰকাৰী সাহায্য প্ৰদান কৰাৰ লগতে বান সাহায্যত দুৰ্নীতি কৰা পঞ্চায়ত প্ৰতিনিধি গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনায় বঞ্চিত লোক সকলে।