গুৱাহাটী, ৩০ ছেপ্টেম্বৰ, ২০২৩ : মহানগৰী গুৱাহাটীত ভয়ংকৰ পথ দুর্ঘটনা (Road Accident In Guwahati)। তীব্ৰ বেগী ট্ৰাকে এখনে চিটি বাছসহ মহতিয়াই নিলে চাৰিখনকৈ বাইক। থিতাতে নিহত এজন লোক, আহত কেইবাজনো লোক। নিহত লোকজনৰ পৰিচয় জানিব পৰা হোৱা নাই। দুর্ঘটনা সংঘটিত কৰিয়ে ট্ৰাকসহ পলায়ন কৰে ট্ৰাক চালকজন। দুর্ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

শনিবাৰে পুৱাৰ ভাগতে মহানগৰী গুৱাহাটীত সংঘটিত হয় এক ভয়ংকৰ পথ দুর্ঘটনা। তীব্ৰ বেগী ট্ৰাক এখনে নিয়ন্ত্ৰণ হেৰুৱাই এফালৰ পৰা মহতিয়াই নিয়ে এশন চিটি বাছসহ চাৰিখনকৈ বাইক। এই ভয়ংকৰ পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হোৱাৰ লগতে আহত হয় চাৰিজনকৈ লোক। মালিগাঁওস্থিত নৱ নিৰ্মিত নিলাচল উৰণীয়া সেঁতুৰ ওপৰত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুর্ঘটনা।

জানিব পৰা মতে ভৰলু অভিমুখে আহি থকা তীব্ৰ বেগী ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰথমে এখন চিটি বাছত খুন্দা মাৰে, ইয়াৰ পিছতে ট্ৰাকখনে চাৰিখনকৈ বাইক মহতিয়াই নিয়ে। এই ভয়ংকৰ পথ দুৰ্ঘটনাত চিটি বাছখনত থকা যাত্ৰী আৰু বাইক আৰোহীসহ কেইবাজনো লোক আহত হৈছে। আহত সকলক চিকিৎসা বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। নৱ নিৰ্মিত উৰণীয়া সেঁতুৰ ডিভাইডাৰ, ৰেলিঙৰ লগতে বৈদ্যুৎ পৰিবাহী খুঁটাও এই পথ দুর্ঘটনাত ক্ষতিগ্ৰস্ত হয়।

দুৰ্ঘটনাৰ খবৰ পাই দুর্ঘটনাস্থলীত জালুকবাৰী আৰক্ষীৰ এটা দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। উল্লেখ্য যে এমাহ পূৰ্বে উদ্বোধন কৰা হৈছিল মালিগাঁৱৰ নিলাচল উৰণীয়া সেঁতু। উদ্বোধনৰ পিছৰে পৰা দুর্ঘটনা সংঘটিত হৈ আছে নিলাচল উৰণীয়া সেঁতুত। ইফালে বৰাগাঁওস্থিত নৱ নিৰ্মিত উৰণীয়া সেঁতুৰ ওপৰতো সংঘটিত হয় আন এক ভয়ংকৰ পথ দুর্ঘটনা। এখন তীব্ৰ বেগী বাহনে মহতিয়াই নিয়ে এজন পথচাৰিক।

জানিব পৰা মতে ৰাস্তা পাৰ হৈ থকা এজন পথচাৰিজনক তীব্ৰ বেগেৰে অহা এএছ-২৫-চিচি-৫২৪২ নম্বৰৰ এখন বাহনে মহতিয়াই নিয়াত থিতাতে নিহত হয় পথচাৰিজন। নিহত পথচাৰিজনৰ পৰিচয় জানিব পৰা হোৱা নাই। দুর্ঘটনা সংঘটিত কৰিয়ে বাহনখনৰ চালকজনে দুর্ঘটনাস্থলীত বাহনখন এৰি পলায়ন কৰে। দুর্ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে দুর্ঘটনা সংঘটিত কৰা বাহনখন জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে।