গুৱাহাটী, ৩০ ছেপ্টেম্বৰ, ২০২৩ : দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল দুজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী। উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল দুজন চৰকাৰী কৰ্মচাৰীৰ (Government Employee Attested) লগতে এজন দালাল। এজন লাট মণ্ডলে ৫ হাজাৰ টকা উৎকোচ লৈ আৰু এজনে ৩ হাজাৰ টকা উৎকোচ লৈ হাত দাঙি ফটো উঠিলে। লাট মণ্ডল দুজনৰ লগতে ফটো উঠিলে এজন দালালেও।

দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ ধাৰাবাহিক অভিযান। ইজনৰ পিছত সিজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী পৰিছে দুৰ্নীতি নিবাৰক শাখাৰ জালত। বিগত কিছুদিন ধৰি ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাই কেইবাজনো দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীক জালত পেলাবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত অধিক সংখ্যক লাট মণ্ডল। দুৰ্নীতিগ্ৰস্ত লাট মণ্ডল জালত পৰাৰ ধাৰা অব্যাহত আছে। শনিবাৰে পুনৰ দুজন দুৰ্নীতিগ্ৰস্ত লাট মণ্ডল পৰিল জালত।

উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল নাৰায়ণপুৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় আৰু লাহৰীঘাট ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ লাট মণ্ডল। উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল নাৰায়ণপুৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় আৰু লাহৰীঘাট ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ লাট মণ্ডল। ৫ হাজাৰ টকাৰ উৎকোচ লৈ থাকোতে ধৰা পৰে নাৰায়ণপুৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ লাট মণ্ডল দুলাল চন্দ্ৰ বনিয়া আৰু ৩ হাজাৰ টকা উৎকোচ লৈ হাত দাঙিলে লাহৰীঘাট ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ লাট মণ্ডল ৰেব কান্ত ভূঞা। লাহৰীঘাট লাট মণ্ডলজনৰ লগতে এজন দালালো পৰে জালত।

নাৰায়ণপুৰ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ লাট মণ্ডল দুলাল চন্দ্ৰ বনিয়াই এজন লোকৰ পৰা ৮০ হাজাৰ টকা উৎকোচ দাবী কৰিছিল। পৰৱৰ্তী সময়ত এই উৎকোচৰ পৰিমাণ ৬০ হাজাৰলৈ হ্ৰাস কৰে। লাট মণ্ডলজনে উৎকোচ দাবী কৰা লোকজন কাষ চাপে দুৰ্নীতি নিবাৰক শাখাৰ। শনিবাৰে ধলপুৰস্থিত নিজৰ বাসগৃত ৫ হাজাৰ টকা লৈ থকা অৱস্থাত হাতে-লোটে ধৰা পৰে লাট মণ্ডল দুলাল চন্দ্ৰ বনিয়া। দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে দুলাল চন্দ্ৰ বনিয়াৰ কবলৰ পৰা উৎকোচৰ ৫ হাজাৰ টকা উদ্ধাৰ কৰি জব্দ কৰে। ৫ হাজাৰ টকাৰ লগতে দুলাল চন্দ্ৰ বনিয়াৰ ঘৰৰ পৰা অতিৰিক্ত ২ লাখ ৪৯ হাজাৰ ৯০০ টকাও উদ্ধাৰ কৰি জব্দ কৰে দলটোৱে।

আনফালে মৰিগাঁও জিলাৰ লাহৰীঘাট ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ লাট মণ্ডল ৰেৱ কান্ত ভূঞাই এজন এজন লোকৰ পৰা দাবী কৰিছিল ১০ হাজাৰ টকা। দাবী কৰা টকাৰ ৩ হাজাৰ টকা লৈ থকা অৱস্থাত ধৰা পৰে লাট মণ্ডল ৰেৱ কান্ত ভূঞা। লাট মণ্ডল ৰেৱ কান্ত ভূঞাৰ লগতে জালত পৰে নাকবুৰ আলী নামৰ এজন দালাল। দুয়োটা উৎকোচকাণ্ড সন্দৰ্ভত থানাত দুৰ্নীতি প্ৰতিৰোধ আইন, ১৯৮৮ (২০১৮ চনত সংশোধিত)ৰ অধীনত ৭৩/২০২৩ আৰু ৭৪/২০২৩ ইউ/এছ ৭(ক) নং গোচৰ ৰুজু কৰা হৈছে। উৎকোচকাণ্ড দুটা সন্দৰ্ভত প্ৰয়োজনীয় আইনী ব্যৱস্থাও অব্যাহত আছে। উল্লেখ্য যে বিগত সময়ছোৱাত উৎকোচ দাবী কৰি কেইবাজনো চৰকাৰী বিষয়া-কৰ্মচাৰী দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে।