গুৱাহাটী, ২৪ জুলাই, ২০২৩ : দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল এজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী। উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল এজন চৰকাৰী কৰ্মচাৰী (Government Employee Attested)। ১০ হাজাৰ টকা উৎকোচ লৈ হাত দাঙিলে নগাঁও যুটীয়া স্বাস্থ্য সঞ্চালক কাৰ্যালয়ৰ নিম্ন বৰ্গৰ সহায়ক।

দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ ধাৰাবাহিক অভিযান। ইজনৰ পিছত সিজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী পৰিছে দুৰ্নীতি নিবাৰক শাখাৰ জালত। বিগত কিছুদিন ধৰি ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাই কেইবাজনো দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীক জালত পেলাবলৈ সক্ষম হৈছে। এইবাৰ উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল নগাঁও যুটীয়া স্বাস্থ্য সঞ্চালক কাৰ্যালয়ৰ নিম্ন বৰ্গৰ সহায়ক।

উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল নগাঁও যুটীয়া স্বাস্থ্য সঞ্চালক কাৰ্যালয়ৰ নিম্ন বৰ্গৰ সহায়ক। ১০ হাজাৰ টকাৰ উৎকোচ লৈ থাকোতে ধৰা পৰে নগাঁও যুটীয়া স্বাস্থ্য সঞ্চালক কাৰ্যালয়ৰ নিম্ন বৰ্গৰ সহায়ক নৱজ্যোতি ভূঞা। এজন ফিজিঅ’ থেৰাপিষ্টৰ পৰা ২০ হাজাৰ টকা উৎকোচ দাবী কৰিছিল নৱজ্যোতি ভূঞাই। ফিজিঅ’ থেৰাপিষ্টজন কাষ চাপিছিল দুৰ্নীতি নিবাৰক শাখাৰ।

ফিজিঅ’ থেৰাপিষ্টজনৰ অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে অতি কৌশলেৰে জাল পেলাই উৎকোচ লৈ থকা অৱস্থাত নগাঁও যুটীয়া স্বাস্থ্য সঞ্চালক কাৰ্যালয়ৰ নিম্ন বৰ্গৰ সহায়ক নৱজ্যোতি ভূঞাক হাতে-লোটে আটক কৰিবলৈ সক্ষম হয়। দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে নগাঁও যুটীয়া স্বাস্থ্য সঞ্চালক কাৰ্যালয়ৰ নিম্ন বৰ্গৰ সহায়ক নৱজ্যোতি ভূঞাৰ কবলৰ পৰা উৎকোচৰ ১০ হাজাৰ টকা উদ্ধাৰ কৰি জব্দ কৰে।

দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে নৱজ্যোতি ভূঞাক গ্ৰেপ্তাৰ কৰি এই উৎকোচকাণ্ড সন্দৰ্ভত থানাত দুৰ্নীতি প্ৰতিৰোধ আইন, ১৯৮৮ (২০১৮ চনত সংশোধিত)ৰ অধীনত ৫৪/২০২৩ ইউ/এছ ৭(ক) নং গোচৰ ৰুজু কৰা হৈছে। এই উৎকোচকাণ্ড সন্দৰ্ভত প্ৰয়োজনীয় আইনী ব্যৱস্থাও অব্যাহত আছে। উল্লেখ্য যে বিগত সময়ছোৱাত উৎকোচ দাবী কৰি কেইবাজনো দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰী দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে।