গুৱাহাটী, ২৪ জুলাই, ২০২৩ : অসম চৰকাৰৰ ৫০ শতাংশ চাকৰি কৰ্তন কৰিবলৈ ৰাজ্য চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে অসম জাতীয় পৰিষদে৷ জাতীয়তাবাদী আঞ্চলিক দলটোৰ মতে, ডঃ হিমন্ত বিশ্ব (Himanta Biswa Sarma) চৰকাৰৰ এই সিদ্ধান্ত ‘চামুচেৰে দি বেলছা মাৰি নিয়া’ৰ নামান্তৰ মাথোন বুলি কয় আঞ্চলিক দলটোৱে।

মুখ্যমন্ত্ৰীয়ে এক লাখ চাকৰি দিয়াৰ আশ্বাস দি তাৰে কিছু সংখ্যক পদত নিযুক্তি দি অৱশিষ্ট পদসমূহত নিযুক্তি প্ৰক্ৰিয়া এতিয়াও সম্পূৰ্ণ কৰিব পৰা নাই যদিও খালী পদসমূহত নিযুক্তি দিয়া কাৰ্যক চৰকাৰে নিজৰ এক বৃহৎ সাফল্য হিচাপে দেখুৱাই প্ৰচাৰ কৰি আছে৷ তাৰ মাজতে ৰাজ্য চৰকাৰৰ মুঠ পদৰ প্ৰায় ৫০ শতাংশ বিলুপ্ত কৰিবলৈ লোৱা কাৰ্যই আন প্ৰায় দুই লক্ষাধিকক নিবনুৱা কৰিব৷ অৰ্থাৎ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি আছিল এক লাখ; কিন্তু বিনিময়ত আন দুই লাখৰ চাকৰি নাইকীয়া কৰাৰ প্ৰচেষ্টা আৰম্ভ কৰিছে বুলি দলটোৱে কয়৷

এক প্ৰেছ বিজ্ঞপ্তিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক ৰাজু ফুকনে কয় যে এনেও ২৩ লক্ষাধিক নিবনুৱাৰ বোজাত ভাৰাক্ৰান্ত হৈ আছে অসম৷ চৰকাৰে নতুন সংস্থাপন সৃষ্টিৰে নিবনুৱাৰ লতাহে দিয়াৰো কোনো ব্যৱস্থা কৰিব পৰা নাই৷ যি এক লাখ পদত ২০২২ চনৰ ৩১ মাৰ্চৰ ভিতৰত নিযুক্তি সম্পূৰ্ণ কৰাৰ আশ্বাস বিজেপি দলে নিৰ্বাচনী প্ৰতিশ্ৰুতি হিচাপে আগবঢ়াইছিল, এতিয়ালৈকে তাকো সম্পূৰ্ণ কৰিব পৰা নাই মুখ্যমন্ত্ৰীয়ে৷

এনে অৱস্থাত ৰাজ্যত নতুন সংস্থাপন সৃষ্টিৰহে প্ৰয়োজন আছিল৷ কিন্তু তাৰে নকৰি ৰাজ্য চৰকাৰে অলপতে এক অফিচ মেমোৰেণ্ডামযোগে সকলো বিভাগক পদ কৰ্তন কৰিবলৈ যি নিৰ্দেশনা প্ৰদান কৰিছে, সেয়া তাৎপৰ্যপূৰ্ণ। অসম জাতীয় পৰিষদৰ নেতাদ্বয়ে কয় যে এক লাখ পদত নিযুক্তিৰ আশ্বাস দিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এতিয়া প্ৰায় দুই লাখ চাকৰি নাইকীয়া কৰাৰ যি পদক্ষেপ হাতত লৈছে, সেয়া স্পষ্টভাৱে নিবনুৱা বিৰোধী ষড়যন্ত্ৰহে৷

“তথ্য-প্ৰযুক্তিৰ ব্যৱহাৰৰ দ্বাৰা কৰ্মসুচলতা অনাটো চৰকাৰৰ লক্ষ্য বুলি কোৱা হৈছে৷ কিন্তু তথ্য-প্ৰযুক্তিৰ ব্যৱহাৰ মানুহৰ কল্যাণৰ বাবেহে হ’ব লাগিব৷ ৫০ শতাংশ চৰকাৰী কৰ্মচাৰীৰ চাকৰিৰ প্ৰতি অনিশ্চয়তাৰ সৃষ্টি কৰাটো কৰ্মসুচলতা হ’ব নোৱাৰে৷” লুৰীণ জ্যোতি গগৈ আৰু ৰাজু ফুকনে এইদৰে মন্তব্য প্ৰকাশ কৰি চৰকাৰখনক তীব্ৰ সমালোচনা কৰে৷ সেয়ে ৰাজ্য চৰকাৰৰ কৰ্মচাৰী বিভাগে জাৰি কৰা অফিচ মেমোৰেণ্ডামখন তৎকালে প্ৰত্যাহাৰ কৰিবলৈ জাতীয় পৰিষদে দাবী উত্থাপন কৰে৷