আজিজ আলী
নলবাৰী : পাগলাদিয়া নৈত সন্ধানহীন এজন যুৱক। নলবাৰীত বো’ল বো’মত আহি পাগলাদিয়া নৈত সন্ধানহীন এজন ১৮ বছৰীয়া যুৱক। যুৱকজনৰ সন্ধানত পাগলাদিয়া নৈৰ বুকুত আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত। যুৱকজনৰ ভিনিয়েকো নৈত উটি যাবলৈ ধৰে যদিও ৰাইজে উদ্ধাৰ কৰে।

নলবাৰী জিলাৰ কমাৰকুছি আৰক্ষী চকীৰ অন্তৰ্গত কমাৰকুছিত বো’ল বো’মত আহি পাগলাদিয়া নৈত সন্ধানহীন হৈছে এজন ১৮ বছৰীয়া যুৱক। ঘটনাৰ বিৱৰণ মতে দেওবাৰে নিশা প্ৰায় তিনি মান বজাত কমাৰকুছি পাগলাদিয়া নৈ পাৰত বৰভাগৰ আৰিকুছি দোনাবাৰীৰ পৰা বো’ল বো’ম উপলক্ষে অইন লোকৰ লগত ১৮ বছৰীয়া যুৱক মধু দাস আছিল।

পাগলাদিয়া নৈ পাৰত বো’ল বো’ম উপলক্ষে মাংগলিক কাম-কাজ কৰি পাগলাদিয়া নৈত গা ধুবলৈ যাওঁতে নৈৰ বুকুত সন্ধানহীন হৈ পৰে যুৱকজন। যুৱকজনক উদ্ধাৰ কৰিবলৈ যাওঁতে যুৱকজনৰ ভনিয়েকো নৈত উটি যাবলৈ ধৰাত একাংশ লোকে ভনিয়েক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও মধু দাস নামৰ যুৱকজন নৈত সন্ধানহীন হৈ পৰে।

ঘটনাৰ খবৰ পাই কমাৰকুছি আৰক্ষী চকীৰ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ এছ ডি আৰ এফ বাহিনীক খবৰ দিয়ে। ৰাতিপুৱা প্ৰায় ৬ মান বজাৰ পৰা আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীয়ে পাগলাদিয়া নৈত সন্ধানহীন হোৱা মধু দাসৰ সন্ধানত অভিযান চলাই আছে। সংবাদ সংগ্ৰহ কৰাৰ সময়লৈকে যুৱকজনৰ কোনো সন্ধান পোৱা নাই।