বাঁহবাৰী : মানাহ ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ জালত পৰিল এজন দুধর্ষ চোৰাং চিকাৰী। কাছসহ বন বিভাগৰ জালত দুধর্ষ চোৰাং চিকাৰী নিৰন নাথ। দীর্ঘদিন ধৰি মানাহ ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰৰ লগত জড়িত নিৰন নাথ। পূৰ্বে এবাৰ আত্মসমৰ্পণ কৰিছিল দুধর্ষ চোৰাং চিকাৰী নিৰন নাথ।

মানাহ ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগে এজন দুধর্ষ চোৰাং চিকাৰীক আটক কৰিবলৈ সক্ষম হৈছে। এটা কাছসহ বন বিভাগে আটক কৰিছে নিৰন নাথ নামৰ দুধর্ষ চোৰাং চিকৰীজনক। উদ্যানখনৰ বাঁহবাৰী বন শিবিৰৰ বন বিভাগৰ এটা দলে কাহিতামা বীটৰ অন্তৰ্গত কাঠপুৰাৰ পৰা চোৰাং চিকাৰীজনক আটক কৰে।

এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই বাঁহবাৰী বন শিবিৰৰ বন বিভাগৰ দলে নিৰন নাথক কাছসহ আটক কৰিবলৈ সক্ষম হয়। বন বিভাগৰ ফালৰ পৰা জানিবলৈ দিয়া মতে নিৰন নাথ নামৰ চোৰাং চিকাৰীজন।দীর্ঘদিন ধৰি মানাহ ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰৰ লগত জড়িত।

উল্লেখ্য যে নিৰন নাথ নামৰ দুধর্ষ চোৰাং চিকৰীজন পূৰ্বে এবাৰ আত্মসমৰ্পণ কৰিছিল যদিও পুনৰ চোৰাং চিকাৰৰ লগত জড়িত হৈ পৰে। বন বিভাগে চোৰাং চিকাৰীজনৰ কবলৰ পৰা মাছ ধৰা জালৰ লগতে বহু সামগ্ৰী জব্দ কৰিছে। বন বিভাগে চোৰাং চিকৰীজনক জেৰা চলাই আছে।