যতীন নাথ

ওদালগুৰি : ওদালগুৰি জিলাৰ ভেৰগাঁ‌ৱৰ টোটলাপাৰাত ভয়ংকৰ বাছ দুৰ্ঘটনা। চালকৰ ভুলৰ বাবে দ খাৱৈত পৰিল এখন যাত্ৰীবাহী বাছ। বছখনত থকা ৭ জনকৈ যাত্ৰী গুৰুত্বৰভাৱে আহত। এজনৰ অৱস্থা সংকটজনক।

শুকুৰবাৰে পুৱাৰ ভাগত ওদালগুৰি জিলাৰ ভেৰগাঁ‌ৱৰ টোটলাপাৰাত এক ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হয়। ডিমাকুছি টাউনৰ পৰা “ছালমা” নামৰ বাছখনে যাত্ৰীলৈ ডিমাকুছি-ভেৰগাঁ‌ও পথৰে আহি থকা অৱস্থাত ভেৰগাঁ‌ৱৰ টোটলাপাৰাত বাছখন নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰে।

ফলত বছখনত থকা ৭ জনকৈ যাত্ৰী গুৰুত্বৰভাৱে আহত হয়। আহত সকলৰ ভিতৰত এজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। বাছখনৰ যাত্ৰী সকলে অভিযোগ কৰিছে যে চালকজনৰ ভুলৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হৈছে।

বছখনৰ চালকজনে মোবাইল ফোন চাই বাছখন চলাই আছিল বাবেই এই দুৰ্ঘটনা সংঘটিত হয় বুলি যাত্ৰী সকলে অভিযোগ কৰিছে। ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহত যাত্ৰী সকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। আহত লোক সকলক বৰ্তমানলৈকে চিনাক্ত হোৱা নাই।