যোৰহাট, ৩০ জুলাই, ২০২৩ : দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল এজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী। উৎকোচ লৈ এইবাৰ হাতে-লোটে ধৰা পৰিল অসম আৰক্ষীৰ এগৰাকী উপ পৰিদৰ্শক (Government Employee Attested)। থানাৰ ভিতৰতে ২০ হাজাৰ টকা উৎকোচ লৈ হাত দাঙিলে যোৰহাট সদৰ থানাৰ এগৰাকী উপ পৰিদৰ্শক।

দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ ধাৰাবাহিক অভিযান। ইজনৰ পিছত সিজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী পৰিছে দুৰ্নীতি নিবাৰক শাখাৰ জালত। বিগত কিছুদিন ধৰি ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাই কেইবাজনো দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীক জালত পেলাবলৈ সক্ষম হৈছে। এইবাৰ উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল যোৰহাট সদৰ থানাৰ এগৰাকী উপ পৰিদৰ্শক।

উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল যোৰহাট সদৰ থানাৰ উপ পৰিদৰ্শক গৰাকী। ২০ হাজাৰ টকাৰ উৎকোচ লৈ থাকোতে ধৰা পৰে যোৰহাট সদৰ থানাৰ উপ পৰিদৰ্শক প্ৰণৱ নাথ। অপৰাধমূলক এক গোচৰ সংক্রান্তত এজন লোকৰ পৰা যোৰহাট সদৰ থানাৰ উপ পৰিদৰ্শক প্ৰণৱ নাথে ৫০ হাজাৰ টকাৰ উৎকোচ দাবী কৰিছিল। পৰৱৰ্তী সময়ত এই উৎকোচৰ ধন ৩০ হাজাৰলৈ হ্ৰাস কৰে উপ পৰিদৰ্শক প্ৰণৱ নাথে।

প্ৰণৱ নাথে উৎকোচ দাবী কৰা লোকজন কাষ চাপিছিল দুৰ্নীতি নিবাৰক শাখাৰ। লোকজনৰ অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে অতি কৌশলেৰে জাল পেলাই যোৰহাট সদৰ থানাৰ ভিতৰতে ২০ হাজাৰ টকা উৎকোচ লৈ থকা অৱস্থাত যোৰহাট সদৰ থানাৰ উপ পৰিদৰ্শক প্ৰণৱ নাথক হাতে-লোটে আটক কৰিবলৈ সক্ষম হয়। দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে যোৰহাট সদৰ থানাৰ উপ পৰিদৰ্শক প্ৰণৱ নাথৰ কবলৰ পৰা উৎকোচৰ ২০ হাজাৰ টকা উদ্ধাৰ কৰি জব্দ কৰে।

দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে যোৰহাট সদৰ থানাৰ উপ পৰিদৰ্শক প্ৰণৱ নাথক গ্ৰেপ্তাৰ কৰি এই উৎকোচকাণ্ড সন্দৰ্ভত থানাত দুৰ্নীতি প্ৰতিৰোধ আইন, ১৯৮৮ (২০১৮ চনত সংশোধিত)ৰ অধীনত ৫৫/২০২৩ ইউ/এছ ৭(ক) নং গোচৰ ৰুজু কৰে। এই উৎকোচকাণ্ড সন্দৰ্ভত প্ৰয়োজনীয় আইনী ব্যৱস্থাও অব্যাহত আছে। উল্লেখ্য যে বিগত সময়ছোৱাত উৎকোচ দাবী কৰি কেইবাজনো দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰী দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে।