নিউজ ডেস্ক, ১৮ জুলাই, ২০২৩ : ২০২৪ ৰ লোকসভা নিৰ্বাচনকলৈ তৎপৰ হৈ উঠিছে প্ৰতিটো ৰাজনৈতিক দল। বিজেপিক এইবাৰ দিল্লীৰ গাদীৰ পৰা আঁতৰাই ৰাখিবলৈ একগোট হৈছে বিৰোধী দল সমূহ। বিজেপি বিৰোধী দল সমূহক একত্ৰিত কৰাৰ নেতৃত্ব লৈছে কংগ্ৰেছে। ২০২৪ ত বিজেপিৰ মিত্ৰজোঁট এন ডি এ’ৰ (NDA) বিৰুদ্ধে যুঁজিবলৈ গঠন হৈছে ইণ্ডিয়া (INDIA)।

কংগ্ৰেছৰ নেতৃত্বত চলি থকা বিৰোধী দলৰ মিত্ৰতাকলৈ এক ডাঙৰ খবৰ আহিছে। ২০২৪ ৰ লোকসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ বিজেপি বিৰোধী দল সমূহে ঘোষণা কৰিলে মিত্ৰজোঁটৰ নতুন নাম। বিৰোধীৰ এই মিত্ৰতাই এন ডি এক ২০২৪ ৰ লোকসভা নিৰ্বাচনত প্ৰত্যাহ্বান দিবলৈ প্ৰস্তুতি চলাই আছে। এই নতুন বিৰোধী মিত্ৰজোঁটৰ নাম হ’ব ইণ্ডিয়ান নেশ্যনেল ডেম’ক্ৰেটিক ইনক্লুছিভ এলায়েন্স চমুকৈ (INDIA)।

উল্লেখ্য যে ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে সকলো ৰাজনৈতিক দলেই নিজৰ নিজৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে।সোমবাৰৰ পৰা বেংগালুৰুত আৰম্ভ হৈছিল বিজেপি বিৰোধী দল সমূহৰ এক বৈঠক। মঙলবাৰে (১৮ জুলাই) দ্বিতীয় পৰ্যায়ৰ এই বৈঠক, য’ত সকলো দলৰ নেতা উপস্থিত আছিল। কংগ্ৰেছৰ নেতৃত্বত অনুষ্ঠিত হোৱা এই ২ দিনীয়া বৈঠক বেংগালুৰুত অনুষ্ঠিত হৈছে। জানিব পৰা মতে এই বৈঠকত বিৰোধী মিত্ৰজোঁটৰ নামকলৈ আলোচনা কৰা হয়।

বিৰোধীৰ মিত্ৰজোঁটৰ নাম সন্দৰ্ভত এই বৈঠকৰ পৰা এক ডাঙৰ খবৰ ওলাই অহা বুলি জানিব পৰা গৈছে। বৈঠকত বিৰোধী মিত্ৰজোঁটৰ নতুন নাম ঘোষণা কৰা হৈছে। জানিব পৰা মতে বিৰোধী মিত্ৰজোঁটৰ নাম হ’ব ইণ্ডিয়ান নেশ্যনেল ডেম’ক্ৰেটিক ইনক্লুছিভ এলায়েন্স চমুকৈ (INDIA)। এফালে বিৰোধীৰ ভৱিষ্যত মিত্ৰজোঁটৰ বৈঠক চলি আছে, আৰু আনফালে এন ডি এ’ৰো এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ আছে। এই বৈঠকত বিজেপিৰ সভাপতি জে পি নাড্ডাই ৩৮ টা দলৰ আগমন নিশ্চিত কৰিছে। আগন্তুক লোকসভা নিৰ্বাচনকলৈ শাসকীয় ভাৰতীয় জনতা পাৰ্টি আৰু বিৰোধী দলসমূহে ভোটাৰক আকৰ্ষণ কৰিবলৈ ৰণকৌশল আৰম্ভ কৰিছে।

সোমবাৰ আৰু মঙলবাৰে ২৬ টা বিৰোধী দলে নিজৰ মতানৈক্য সমাধানৰ বাবে আৰু একত্ৰিত হৈ বিজেপিক প্ৰত্যাহ্বান জনাবলৈ বেংগালুৰুত বৈঠকত মিলিত হৈছে। এই বৈঠকৰ নেতৃত্ব দিছে কংগ্ৰেছ দলে। বিৰোধী মিত্ৰজোঁটৰ নতুন নামক বৈঠকত অংশগ্ৰহণ কৰা সকলো দলে স্বীকাৰ কৰিছে বুলি জানিব পৰা গৈছে। তৃণমূল কংগ্ৰেছ নেত্ৰী তথা পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনৰ্জীয়ে বিৰোধী মিত্ৰজোঁটৰ এই নামৰ প্ৰস্তাৱ আগবঢ়াইছিল। অৱশ্যে বিৰোধী মিত্ৰজোঁটৰ এই নামকলৈ বৰ্তমানলৈকে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই।