নিউজ ডেস্ক, ১৮ জুলাই, ২০২৩ : ২১ জুলাইত ৰাহুল গান্ধীৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে। গুজৰাট উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই ৰাহুল গান্ধীৰয়ে আবেদন কৰিছিল উচ্চতম ন্যায়ালয়ত। মোদী উপাধিৰ গোচৰত (Modi Surname Case) কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে।

জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভীয়ে উচ্চতম ন্যায়ালয়ত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদৰ সন্মুখত নিজৰ আবেদন দাখিল কৰে। শুকুৰবাৰে বিষয়টো শুনানিৰ বাবে উত্থাপন কৰিবলৈ নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদৰে। আবেদনখনত ৰাহুল গান্ধীয়ে গুজৰাট উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাইছে, যিয়ে মোদী উপাধিৰ মানহানিৰ গোচৰত ৰাহুল গান্ধীৰ দোষী সাব্যস্ত হোৱাত স্থগিত ৰাখিবলৈ অস্বীকাৰ কৰিছিল।

মোদী উপাধিৰ মানহানিৰ গোচৰত ৰাহুল গান্ধীৰ দোষী সাব্যস্ত হোৱাৰ পিছতে ৰাহুল গান্ধীয়ে লোকসভাৰ সদস্যপদ হেৰুৱাইছিল। জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংভীয়ে ৰাহুল গান্ধীৰ শুনানিৰ বাবে ২১ জুলাই বা ২৪ জুলাইৰ তাৰিখ নিৰ্ধাৰণ কৰিবলৈ আদালতক অনুৰোধ জনাইছিল। ইয়াৰ পিছতে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদ, ন্যায়াধীশ পি এছ নৰসিংহ আৰু ন্যায়াধীশ মনোজ মিশ্ৰৰ বিচাৰপীঠে আবেদনৰ শুনানি গ্ৰহণ কৰিবলৈ সন্মত হয়।

২১ জুলাইত এই বিষয়ত শুনানি গ্ৰহণ কৰা হ’ব বুলি আদালতে জানিবলৈ দিয়ে। ৰাহুল গান্ধীয়ে ১৫ জুলাইত উচ্চতম ন্যায়ালয়ত এখন আৱেদন দাখিল কৰি কয় যে যদি এই নিৰ্দেশ স্থগিত ৰখা নহয় তেন্তে ইয়াৰ ফলত বাৰে বাৰে গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহক প্ৰণালীবদ্ধভাৱে ক্ষতিগ্ৰস্ত হ’ব আৰু ফলত গণতন্ত্ৰৰ শ্বাসৰুদ্ধ হৈ পৰিব, যাৰ ফলত ভাৰতৰ ৰাজনৈতিক জলবায়ুত প্ৰভাৱ পৰিব আৰু গুৰুতৰভাৱে হ’ব ভৱিষ্যতৰ বাবে ক্ষতিকাৰক। মোদী উপাধিৰ সন্দৰ্ভত মন্তব্য কৰি বিতৰ্কৰ মাজলৈ আহিছিল ৰাহুল গান্ধী।

২০১৯ চনৰ ১৩ এপ্ৰিলত কৰ্ণাটকৰ কোলাৰত এক নিৰ্বাচনী সভাত ৰাহুল গান্ধীয়ে কৈছিল যে সকলো চোৰৰ উপাধি মোদী কিয়? এই সন্দৰ্ভত গুজৰাট চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী পূৰ্ণেশ মোদীয়ে ২০১৯ চনত ৰাহুল গান্ধীৰ বিৰুদ্ধে অপৰাধমূলক মানহানিৰ গোচৰ ৰুজু কৰিছিল।এই গোচৰত ২৩ মাৰ্চত চুৰাটৰ মেট্ৰ’পলিটান মেজিষ্ট্ৰেট আদালতে ৰাহুল গান্ধীক ভাৰতীয় দণ্ডবিধিৰ ৪৯৯ আৰু ৫০০ (ফৌজদাৰী মানহানি) ধাৰাত দোষী সাব্যস্ত কৰি দুবছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। ইয়াৰ পিছতে ৰাহুল গান্ধীক সংসদৰ সদস্যপদৰ পৰা অযোগ্য ঘোষণা কৰা হয়।