ডিব্ৰুগড়, ৩০ নৱেম্বৰ, ২০২৩ : বিৰোধী ঐক্য মঞ্চৰ ১৫ টা দলৰ প্ৰায় শতাধিক প্ৰতিনিধিৰ উপস্থিতিত বৃহস্পতিবাৰে এখন ৰাজনৈতিক অবিৱৰ্তন অনুষ্ঠিত হয় ডিব্ৰুগড়স্থিত (Dinrugarh) এইছ এম ৰিজ’ৰ্টত। বিৰোধী ঐক্য মঞ্চৰ সভাপতি ভূপেন বৰাৰ সভাপতিত্বত অনুষ্ঠিত ১৫ টা বিৰোধী দলৰ প্ৰতিনিধি সভাত শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ বিৰুদ্ধে মহাভিযোগ আৰু বিৰোধী ঐক্য মঞ্চৰ সমূহীয়া ঘোষণা পত্ৰক লৈ বিস্তৃতভাৱে আলোচনা কৰি গৃহীত কৰা হয়।

অসমৰ ১৪ টা লোকসভা সমষ্টিত বিৰোধীয়ে ঐক্যৱদ্ধভাৱে যুঁজিবলৈ সভাই প্ৰস্তাৱ গ্ৰহণ কৰে আৰু চৰকাৰৰ দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰাৰ লগতে ৰাইজক দামবৃদ্ধি আৰু বিভিন্ন কৰ আৰোপ কৰি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ বিজেপি চৰকাৰখনে শোষণ কৰি থকা বুলি অভিযোগ কৰে। প্ৰতিনিধি সভাৰ ৰাজহুৱা প্ৰস্তাৱসমূহৰ বিষয়ে শুকুৰবাৰে ডিব্ৰুগড় জিলা পুথিভৰালত অনুষ্ঠিত হ’বলগীয়া কৰ্মী সভাত ৰাজহুৱা কৰিব বিৰোধী ঐক্য মঞ্চৰ সভাপতি ভূপেন বৰাই। সাংবাদিকক সম্বোধন কৰি বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া, ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈ, উপ-দলপতি ৰকিবুল হুছেইনে ঐক্য মঞ্চৰ ভৱিষ্যত কৰ্মসূচী সন্দৰ্ভত অৱগত কৰে।

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সাংবাদিকক সম্বোধন কৰি কয় যে বিজেপিয়ে ভিজন ডকুমেণ্টত যিবোৰ প্ৰতিশ্ৰুতি দিছিল সেয়া বিগত ৮ বছৰত কিমান পালন কৰিলে তাৰ হিচাপো ৰাইজৰ আগত দাঙি ধৰা হ’ব। তেওঁ আৰু কয় যে ১০ বছৰৰ ভিতৰত বিজেপিয়ে সম্পূৰ্ণ কৰিব বুলি ঘোষণা কৰা ভিজন ডকুমেণ্টৰ প্ৰতিশ্ৰুতি এতিয়া ধোৱাচাঙত উঠিছে। প্ৰসংগক্ৰমে লুৰীণজ্যোতি গগৈয়ে কয় যে বিজেপি বিৰোধী চৰকাৰ এখন গঢ়িবৰ বাবে ১৫ টা দলৰ প্ৰতিনিধি সভাই ঐক্যৱদ্ধ সংগ্ৰাম কৰাৰ বাবে আজি সংকল্প গ্ৰহণ কৰে।

তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুণ বৰাই বিৰোধী ঐক্যৰ ভৱিষ্যত কৰ্মসূচী আৰু ঘোষণা পত্ৰ সন্দৰ্ভত প্ৰতিনিধি সভাত হোৱা আলোচনাৰ কথা প্ৰকাশ কৰি সোনকালেই সন্মিলিত বিৰোধীয়ে ৰাইজৰ বাবে প্ৰস্তুত কৰা ঘোষণা পত্ৰ মুকলি কৰিব বুলি জানিবলৈ দিয়ে। ইফালে, ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দিনত কোনো দুৰ্নীতি হোৱা নাই বুলি উল্লেখ কৰি কয় যে তেওঁ সমগ্ৰ দুৰ্নীতি ৰাতিহে কৰিছে।